সোণাৰি: চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ বৈঠকখন অনুষ্ঠিত হয়। বৈঠকত উপায়ুক্ত গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মাণ (পথ আৰু গৃহ), ৰাষ্ট্ৰীয় ঘাইপথ, কৃষি, শিক্ষা, স্বাস্থ্য, জলসম্পদ, বন, ভূমি সংৰক্ষণ, জলসিঞ্চন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ, ক্ৰীড়া, নগৰ উন্নয়ন, শক্তি আদি বিভাগৰ জৰিয়তে ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়।

উপায়ুক্ত গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ ধ্বজাবাহী আঁচনি জল জীৱন মিচনৰ কাম-কাজসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “অসম মালা” আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ভূমি অধিগ্ৰহণৰ সমস্যা যাতে হেঙাৰ হৈ থিয় নিদিয়ে তাৰ ওপৰত বিশেষ দৃষ্টি ৰাখি লোকনিৰ্মাণ, কৃষি আৰু বন বিভাগক প্ৰয়োজনীয় সমন্বয় বজাই ৰাখি কাম কৰি যাবলৈ উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।

তেওঁ ৰাইজৰ যাতায়তৰ অসুবিধা দূৰ কৰাৰ লক্ষ্যৰে দলং মেৰামতি আৰু নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰাৰ পোষকতা কৰে। বৈঠকত উপায়ুক্ত গৰাকীয়ে লোকনিৰ্মাণ (গৃহ) বিভাগক নতুনকৈ সংহত উপায়ুক্ত কাৰ্যালয়, আদর্শ আৱৰ্ত ভৱন আৰু সন্মিলন কেন্দ্ৰ নিৰ্মাণৰ বাবে প্ৰাককলন প্ৰস্তুত কৰিবলৈ কয়। তেওঁ শিক্ষা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কালত বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰাৰ উদ্দেশ্যে এঘন্টাকৈ নিয়মীয়া ইংৰাজী আৰু অসমীয়া পঠনৰ শ্ৰেণী লোৱাৰ বাবে পৰামৰ্শ দিয়ে, যাতে ছাত্ৰ-ছাত্ৰী সকলে দুয়োটা ভাষাত সমানে দখল ৰাখিব পাৰে।

তেওঁ বিদ্যালয়সমূহত শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰে। উল্লেখ্য যে, গৰমৰ বন্ধত জিলাখনৰ বিদ্যালয়সমূহত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক ২০ ঘণ্টাৰ অতিৰিক্ত পাঠদান কৰা হ’ব। লগতে অহা ১৯ জুলাইৰ পৰা চাৰি দিনৰ বাবে গ্ৰীষ্মকালীন আৱাসিক শিবিৰৰো আয়োজন কৰা হৈছে।উপায়ুক্ত পল বৰুৱাই বন বিভাগক বৃহৎ হাৰত গছপুলি ৰোপণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়।

উপায়ুক্ত গৰাকীয়ে তেওঁৰ বক্তব্যত বিভাগীয় বিষয়া সকলক বৰ্তমানে ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ কাম-কাজ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ লগতে কাম-কাজৰ গুণগত মানদণ্ড বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাসে “অমৃত সৰোবৰ” আঁচনিৰ প্ৰাৰম্ভিক কাম-কাজৰ আভাস দাঙি ধৰে। বৈঠকত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, সহকাৰী আয়ুক্ত দ্বয় জাহ্নৱী গোস্বামী আৰু সমুজ্জ্বল বড়া, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply