ধেমাজিঃ আজি ধেমাজি জিলাৰ ড° বি আৰ আম্বেদকাৰ ভৱনত ধেমাজি জিলা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সভাপতি পৰমানন্দ দাস, ধেমাজি জিলা অনুসূচিত জাতি পৰিষদৰ প্ৰাক্তন সভাপতি ভদ্ৰ দাসৰ লগতে জিলাখনৰ ৪ খনকৈ আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ।

কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজিৰ সভাই ধেমাজি জিলা সমিতিৰ বাবে নতুনকৈ ২১ জনীয়া পূৰ্ণাঙ্গ সমিতি গঠন কৰে। এই সমিতিত ধেমাজি জিলাৰ সাধাৰণ সম্পাদকৰ বাবে অৰবিন্দ দাস, সহ সম্পাদক পদৰ বাবে চুচেন দাসৰ লগতে শিক্ষা সম্পাদকৰ বাবে মন্টু বণিয়াক নিৰ্বাচিত কৰি মুঠ ১৮ জন সদস্য ৰাখি ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলা কমিটিখন গঠন কৰা হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply