গোলাঘাট: অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰিত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ সৈতে সেনা-আৰক্ষীৰ মুখামুখি সংঘৰ্ষ ৷ আৰক্ষীৰ সূত্ৰৰ পৰা জানিবলৈ দিয়া মতে দেওবাৰে পুৱতি নিশা সংঘটিত সংঘৰ্ষত ৬ জনকৈ সন্দেহযুক্ত ডিএনএলএ কেডাৰ নিহত হয় ৷
কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত অসম ৰাইফলছৰ জোৱান আৰু আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷ ধনশিৰিৰ মিচিবাইলুঙত সংঘটিত হোৱা এই অভিযানত অভিযানকাৰী দলটো সন্মুখীন হৈছিল সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ ৷ উক্ত স্থানতে দুয়ো পক্ষৰ মাজত চলিছিল মুখামুখি সংঘৰ্ষ ৷
উক্ত সংঘৰ্ষত ৬ জনকৈ উগ্ৰপন্থী নিহত হৈছে ৷ নিহত উগ্ৰপন্থী সদস্য কেইজনৰ মৃতদেহ এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ উল্লেখযোগ্য যে, বিগত ১৯ মে’ত ধনশিৰিৰ দাউজিফাঙত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত সঞ্জয় ৰংহাং নামৰ এজন পুৰোহিতে মৃত্যু হৈছিল ৷ তেতিয়াৰ পৰাই উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছিল কাৰ্বিং আংলং আৰক্ষীয়ে ৷ জিলাখনৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশত সীমামূৰীয়া এলেকাটোত চলিছিল এই অভিযান ৷
আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে ৪ টাকৈ এ কে 47 ৰাইফলছ, ৪ টা .32 পিষ্টল আৰু কেইবাজাঁইও সজীৱ গুলী ৷
লগতে পঢ়ক বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব লৈয়েই বিশ্বজিত দৈমাৰীৰ আদিবাসীসকলক লৈ বিতৰ্কিত মন্তব্য