ডিফু: অসমৰ পাহাৰীয়া জিলা দুখনত শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টা হিচাবে আজি আন এক বৃহৎ সফলতা লাভ কৰে।

পাহাৰীয়া জিলা দুখনৰ শক্তিশালী বিদ্ৰোহী গোট DNLA এ তেওঁলোকৰ দাবী শান্তিপূৰ্ণ ভাৱে সমাধান কৰিবলৈ আৰু মূলসুঁতিত যোগদান কৰিবলৈ আলোচনাৰ মেজত আহিবলৈ সিদ্ধান্ত লৈছে।

শান্তি প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ ২০২১ চনৰ ২৪ আগষ্টত ধনশিৰিৰ দৌজিংফাং কমিউনিটি হলত আৰম্ভ হৈছিল।

সেই দিনটোত ডিএনএলএৰ তিনিগৰাকী শীৰ্ষ নেতা ইথিকা দিফুছা, সাধাৰণ সম্পাদক প্ৰীতোমজিৎ জিগডুং আৰু চিএনচি জিদিকচন হাফলংবাৰ শান্তি আলোচনা আৰম্ভ কৰিবলৈ আগবাঢ়ি আহিছিল।

তাৰ পিছত ডিমা হাচাওত ৪৬ জন কেডাৰে অস্ত্ৰ সমৰ্পণ কৰিছিল, ৬৭ জন কেডাৰে ২৪ ডিচেম্বৰত ধনশিৰি ইণ্ডোৰ ষ্টেডিয়ামত বৃহৎ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ সহ আত্মসমৰ্পণ কৰিছিল।

আজি ৫২ জন এনডিএলএ কেডাৰে আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ উপস্থিতিত ৬ টা অস্ত্ৰ নিক্ষেপ কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে চিআৰপিএফ ২০বিএনৰ কামাণ্ডিং অফিচাৰ ,জিলা উপায়ুক্ত অজয় কুমাৰ সিং, ডিএনএলএৰ অধক্ষ্য ইথিকা ডিফুচি,নাইদিং ডিমাচা কামাণ্ডাৰ আন চীফ ডিএনএল আৰু অন্যান্য গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক- মহানগৰীৰ জাপৰিগোগত পালন কৰে মিছিং সকলৰ আলি আয়ে লৃগাং

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply