নিউজ ডেস্ক : অস্ত্ৰ ত্যাগ কৰিব আৰু এটা বিদ্ৰোহী সংগঠন। আজি অস্ত্ৰ ত্যাগ কৰিব বিদ্ৰোহী সংগঠনটোৰ সদস্য সকলে। অস্ত্ৰত্যাগ কৰি মূলসুঁতিলৈ উভতিব ডিএনএলএৰ সেনাধ্যক্ষসহ কেডাৰ সকল।
দীর্ঘদিন ধৰি জংঘলত থাকি সংগ্রাম চলাই থকা বিদ্ৰোহী সংগঠন ডিএনএলএ অৱশেষত মূলসুঁতিলৈ উভতি আহিব। আজি আত্মসমৰ্পণ কৰিব ডিএনএলএৰ কেডাৰসকলৰ লগতে বিদ্ৰোহী সংগঠনটোৰ সেনাধ্যক্ষ।
ডিমা হাচাও আৰু নাগালেণ্ডৰ সীমান্তত অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব সংগঠনটোৰ কেডাৰ আৰু সেনাধ্যক্ষই। ডিএনএলএৰ সেনাধ্যক্ষসহ মুঠ ৪০ জন কেডাৰে আজি অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিব।
লগতে পঢ়ক : দেৰগাঁৱৰ কাকডোঙা চাঞ্চল্য অজগৰ চাবলৈ ৰাইজৰ ভিৰ
উল্লেখ্য যে ডিমা হাচাওত সক্ৰিয় হৈ থকা এই বিদ্ৰোহী সংগঠনটোৰ জন্ম হৈছিল ২০১৯ চনত। স্বাধীন ডিমা হাচাওৰ দাবীত জন্ম লাভ কৰা এই বিদ্ৰোহী সংগঠনটোৱে কিছুদিন পূৰ্বে পাঁচখনকৈ ট্ৰাকত অগ্নি সংযোগ কৰিছিল।