বৰ্তমান আমাৰ পাকঘৰটো এটা আধুনিক পাকঘৰলৈ ৰুপান্তৰিত হৈছে। লগতে খাদ্য সম্ভাৰৰো কিছু সালসলনি ঘটিছে। ব্যস্ত জীৱনত আজি কালি মানুহে অতি সহজ উপায়েৰে হোৱা কামত বেছি গুৰুত্ব প্ৰদান কৰে। ঠিক ৰান্ধোনৰ ক্ষেত্ৰতো মানুহে সহজ উপায় অৱলম্বন কৰিবলৈ ধৰিছে।

পুৰণি শিল পটাৰ সলনি মানুহে আজিকালি মিক্সাৰ গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰিবলৈ লৈছে। ঠিক সেইদৰে কম সময়ৰ ভিতৰত খাদ্য বস্তু তৈয়াৰ কৰা আধুনিক নতুন সংযোজন হৈছে মাইক্ৰ’ৱেভ । সময় বচাবলৈ, জীৱন সহজ কৰিবলৈ,এই গেজেটটো এটা শব্দত অনন্য।

ইয়াক ব্যৱহাৰ কৰা অতি সহজ উপায় সমুহৰ বিষয়ে জানো আহক।

খাদ্যশস্য আৰু ক্ৰেকাৰবোৰ সতেজ কৰি ৰাখিবলৈ ত্ৰিশ ছেকেণ্ডৰ বাবে গৰম কৰা টো কঠিন।

বহুবাৰ ৰাতিৰ ৰুটি ৰৈ যায় । সেই ৰুটি ৰাতিপুৱা পুনৰ কোমল আৰু সতেজ কৰিব পাৰি। ৰুটিবোৰ তিতা টাৱেলেৰে মাইক্ৰ’ৱেভত মেৰিয়াই দিয়ক আৰু দহ ছেকেণ্ডৰ বাবে গৰম কৰক। ৰুটিকেইখন পুনৰ সতেজ হৈ পৰিব।

আলু সোনকালে উতলাবলৈ, আলুবোৰ পলি বেগত ৰাখি, তাৰ ওপৰত অলপ পানী ছটিয়াই দিয়ক আৰু ইয়াক পাঁচ মিনিটৰ বাবে সম্পূৰ্ণ শক্তিৰে মাইক্ৰ’ৱেভত দিয়ক।

পিঁয়াজ কাটাৰ সময়ত স্বভাৱিকতে চকুৰে পানী ওলায়। তেনে ক্ষেত্ৰত, পিঁয়াজৰ ওপৰ আৰু তলভাগ কাটি মাইক্ৰ’ৱেভটোত ত্ৰিশ ছেকেণ্ডৰ বাবে ৰাখি দিয়ক। তাৰ পিছত এটোপাল চকুপানী অবিহনে পিঁয়াজখিনি কাটক। ঠিক একেদৰে মাইক্ৰ’ৱেভৰ জৰিয়তে নহৰু বাকলি উলিওৱা অতি সহজ হৈ পৰে।

যদি মৌ বা জাম গোট মাৰি যায়, ঢাকনিখন খুলি জাৰটো মাইক্ৰ’ৱেভত দুই মিনিটৰ বাবে গৰম কৰক।

দৈনন্দিন জীৱনত এই সকলোবোৰ উপায়েৰে মানুহৰ জীৱন ধাৰণ প্ৰণালী অতি সহজ কৰি তুলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply