ৰঙিয়া : ৰঙিয়াৰ ডিমুত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ। ৰঙিয়াৰ পৰা হাজোলৈ ড্ৰাগছখিনি সৰবৰাহ কৰি থকা মুহূৰ্তত গ্ৰেপ্তাৰ হ’ল হাজোৰ ৰাতুল আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। ডোবক আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি ডিমু চকত গ্ৰেপ্তাৰ কৰে ৰাতুল আলীক।
এখন স্কুটীত লৈ গৈ আছিল লক্ষাধিক টকা মুল্যৰ ড্ৰাগছ আৰু প্ৰায় ৭০ টা কন্টেইনাৰ। ডিমু চকত খাপ পিটি থকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক। ৰাতুল আলীয়ে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।
লগতে পঢ়ক – অসমৰ যুৱতীক অশালীন, সাম্প্ৰদায়িক মন্তব্য কৰা ৰাজস্থানৰ যুৱকক গ্ৰেপ্তাৰ
ৰাতুলৰ স্বীকাৰোক্তি অনুসৰি হাজোৰ বগা আলীৰ পৰা ৰঙিয়াৰ হাইৱে চকত ক্ৰয় কৰিছিল প্ৰায় ১২ গ্ৰাম ওজনৰ ড্ৰাগছখিনি। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ডোবক আৰক্ষী চকীত।