ডবকাঃডবকাত প্ৰাক্তন বিধায়ক শিলাদিত্য দেবক তুলাধূনা আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ।

শিলাদিত্যৰ বিৰুদ্ধে তদন্তৰ দাবী আমছুৰ। লামডিং বনাঞ্চলত জীৱ-জন্তুক হত্যা আৰু গছ-গছনি ধ্বংস কাৰ্যৰ লগত শিলাদিত্য জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে । সন্দেহৰ বাবেই শিলাদিত্যৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰে আমছুৱে।

শিলাদিত্যই বিধায়ক হৈ থকা কাৰ্য-কালত বনাঞ্চল ধ্বংসকাৰীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

লগতে পঢ়কঃপুখুৰীত মাছ মৰাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘাত

নিজৰ কাৰ্যকালত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি বনাঞ্চল ধ্বংসৰ কথা গোপনে ৰখাৰ অভিযোগত শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।

লামডিং বনাঞ্চলত বস-বাস কৰা কোনো সংখ্যালঘু লোক বাংলাদেশী নহয় বুলি স্পষ্টকৈ মন্তব্য কৰে আমছুৱে।

সংবাদ মাধ্যমৰ জৰিয়তে মুকলিকৈ শিলাদিত্যক লামডিং বনাঞ্চলৰ পৰা এজন হ’লেও বাংলাদেশী লোক উলিয়াই দিবলৈ আমছুৱে প্ৰত্য়াহবান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply