ডবকাঃ হোজাই জিলাৰ নীলবাগানৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা। এল্টো’ বাহনৰ খুন্দাত আহত দুই কলেজীয়া ছাত্ৰ ৷ আহত ছাত্ৰ দুজন আলমাছ আলী, আহমদ আলী।

আহত ছাত্ৰদ্বয়ক ৰাইজে ডবকা চিকিৎসালয়ত ভৰ্তি কৰিছে ৷ যদিও ছাত্ৰ দুজনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ কাৰণে হোজাই হাম হস্পিতাললৈ প্ৰেৰণ কৰা বুলি পৰিয়ালৰ লোকে জনাইছে ৷

লগতে পঢ়কঃতেজপুৰৰ মিলনপুৰৰ কদমকলি নাট্য মন্দিৰত নাট মঞ্চস্থ

দুয়োজনে ডবকা হাজী আনফৰ আলী কলেজত অধ্য়য়ন কৰি আছে।

দুৰ্ঘটনা সংঘটিত কৰা এল্টো বাহনখনৰ নম্বৰ AS 02T 3186 আৰু মটৰ চাইকেলখনৰ নম্বৰ AS 02F 7432 ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply