ডবকাঃ ডবকাত বাইক চোৰৰ সন্ত্ৰাস। চোৰে নিদ্ৰাহৰণ কৰিছে সাধাৰণ জনতাৰ।

শুকুৰবাৰে নিশা চোৰে ডবকাৰ মদাৰতলিৰ পৰা লৈ যায় তিনিখনকৈ বাইক। কিন্তু স্থানীয় ৰাইজৰ

তৎপৰতাত নিশাই উদ্ধাৰ হয় ২খন বাইক ।

লগতে ৰাইজে এজন চোৰক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা চোৰ জনৰ ঘৰ ডবকাৰ লংলি বস্তিৰ ফাৰুক হুছেইন বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ“INDIA BOOK OF RECORD” ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল অৰ্চনা দোলাকাষৰীয়াই

ফাৰুক হুছেইনক স্থানীয় ৰাইজে উত্তম-মাধ্যম সোধাই গতাই দিয়ে আৰক্ষীক।

আৰক্ষীয়ে ফাৰুক হুছেইনক সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ইপিনে চোৰে লৈ যোৱা এ এছ -৩১-২১৪৩ নম্বৰৰ পালছাৰ বাইকখন বৰ্তমান লৈকে উদ্ধাৰ হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply