ডবকাঃ ভাৰত চৰকাৰৰ অধীনস্থ ASHPRA Skills Pvt.Ltd নেতৃত্বত ডবকাত মুকলি কৰা হৈছে বিদ্যুৎ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ। অত্যাধুনিক সা-সঁজুলিৰ সহায়ত কেন্দ্ৰটোত প্ৰশিক্ষণ দিয়া হয়। বৰ্তমান কেন্দ্ৰটোত ১০০গৰাকীতকৈ অধিক লোকে প্ৰশিক্ষণ লৈ আছে।
এই প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ যিকোনো লোকে কেন্দ্ৰটোৰ পৰা প্ৰশিক্ষণ ল’ব পাৰিব যদিও বয়সৰ ক্ষেত্ৰত কিছু সীমাবদ্ধ নিৰ্ধাৰণ কৰি দিয়া হৈছে। ৩৮ বছৰতকৈ অধিক বয়সৰ লোকে কেন্দ্ৰটোত প্ৰশিক্ষণ ল’ব নোৱাৰিব।
লগতে পঢ়কঃডিফুৰ ডিপিচি কলনিত কুকি জন গোষ্ঠীৰ চভাং কূট উৎসৱ পালন
কেন্দ্ৰটো পুৰুষ-মহিলা,ছাত্ৰ-ছাত্ৰী,যুৱক-যুৱতীয়ে আহি প্ৰশিক্ষণ ল’ব পাৰিব।প্ৰশিক্ষণ লোৱা প্ৰত্যেক গৰাকীক এটা দিনৰ বিনিময়ত চৰকাৰৰ ফালৰ পৰা দিয়া হ’ব ২৫০ কৈ টকা।
লকডাউনৰ পূৰ্বেই কেন্দ্ৰটো মুকলি কৰা হৈছিল যদিও লকডাউনৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল কেন্দ্ৰটো।
যদি কোনো আগ্ৰহী লোকে এই কেন্দ্ৰত প্ৰশিক্ষণ ল’ব বিচাৰে তেনেহ’লে 70025 27649 নম্বৰত যোগাযোগ কৰিব পাৰিব।