ডবকাঃ কৃষকৰ প্ৰতিবাদত সেও মানি অৱশেষত মোদী চৰকাৰে বহু বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে দেশজুৰি আনন্দ উল্লাসৰ লগতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
ঠায়ে ঠায়ে মিঠাই বিতৰণ কৰি আনন্দ উল্লাস কৰিছে সাধাৰণ জনতাই ৷
লগতে পঢ়কঃঅৱশেষত দেশৰ কৃষকৰ জয় : প্ৰত্যাহাৰ কৰিলে তিনি কৃষি আইন
ডবকাতো AJYCP য়ে মিঠাই বিতৰণ কৰি কৃষকসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷
মিঠাই বিতৰণ কৰি আনন্দ উল্লাস কৰিলেও মোদীৰ কথাত সম্পূৰ্ণৰূপে আশ্বস্ত হ’ব পৰা নাই দল সংগঠন ৷
আইনকেইখন সংসদৰ মজিয়াত বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলাই যাবলৈ আহ্বান জনাইছে AJYCP য়ে ৷
আনহাতে কা আইনখনো বাতিল কৰাবৰ বাবে অসমবাসীয়ে আন্দোলন চলাই নিবলৈ আহ্বান জনায় AJYCPৰ নেতা জাইদুল লস্কৰে ৷