হোজাই: ডবকা বনাঞ্চলৰ শতবৰ্ষগৰকা গছ কাটি চাৰিলেন যুক্ত পথ নিৰ্মান কৰিব বিচৰাৰ বিৰুদ্ধে চলি থকা ধাৰাবাহিক প্ৰতিবাদৰ ওচৰত নতশিৰ হবলৈ বাধ্য হৈছে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰন ৷ প্ৰতিবাদৰ বাবেই শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনৰ এটি উচ্চস্তৰীয় বিষয়াৰ দল হোজাইৰ ডবকাত উপস্থিত হব বুলি হোজাই জিলা প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
ডবকা বনাঞ্চলৰ ৭ কিলোমিটাৰ দৈঘ্যৰ এলেকাৰ মূল্যবান শাল গছ কাটি ডবকা বাইপাচৰ পৰা চাৰিলেন যুক্ত পথটো নিৰ্মান কৰিবলৈ প্ৰস্তাব লোৱা হৈছে ৷ সেই মৰ্মে হোজাইৰ ৰাজহ বিভাগক মাটি অধিগ্ৰহণ কৰি বনাঞ্চলৰ শাল গছ কাটিবলৈ বন বিভাগক সমীক্ষা চলাবলৈ দিয়া হৈছিল ৷
বন বিভাগে সেই সুত্ৰে কোনো বিচাৰ বিবেচনাহীন ভাবে ডবকা বনাঞ্চলৰ ৬২০০ জোপা শাল গছ কাটিবলৈ জৰীপ কৰে ৷ উল্লেখ্য এই ৬২০০ জোপা গছ হৈছে ৪০চেন্টিমিটাৰ ব্যাসাদ্ধৰ পৰা ওপৰৰ গছ ৷ তলৰ গছ সমূহ জৰীপত ধৰা হোৱা নাই ৷
আনুমানিক আৰু ৬ হাজাৰ গছ যি ৪০চেন্টিমিটাৰতকৈ কমৰ সেই গছ সমূহো কাটি পেলোৱা হব ৷ সেই দিশৰ পৰা চাবলৈ গ’লে সৰ্বমুঠ ১২ হাজাৰতকৈ বেছি গছ কাটি পেলোৱাৰ বাবে সাজু হৈছিল বন বিভাগ ৷ বন বিভাগে জৰীপ চলাই এক প্ৰতিবেদন উৰ্ধতম কৰ্তৃপক্ষৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনক অৰ্পন কৰিব লগা খবৰৰ পিছতে প্ৰকৃতিপ্ৰেমী লোকৰ লগতে স্থানীয় দল সংগঠনে প্ৰতিবাদ আৰম্ভ কৰে ৷
প্ৰতিবাদকাৰীসকলে উক্ত ৰাস্তাৰ বাবে বিকল্প পথৰ কথাও উল্লেখ কৰে | ধাৰাবাহিক ভাবে চলি থকা প্ৰতিবাদৰ সময়তে হোজাইৰ বন বিভাগে বৰ্তমান জৰীপ কৰা গছ সমূহ কটাত সমস্যা হব বুলি ৰাষ্ট্ৰয় ঘাই পথ প্ৰাধিকৰনক অবগত কৰিছে ৷ লগতে পথটো নিৰ্মানৰ বাবে লোৱা প্ৰস্তাব সলনি কৰি বিকল্প পথ লব লাগিব বুলি জনাইছে ৷
বৰ্তমানৰ ডবকা বনাঞ্চলৰ মাজেৰে যাব লগা প্ৰস্তাবিত পথটোৰ পৰা এক কিলোমিটাৰ দূৰত নিৰ্মান সম্ভব বুলি প্ৰাধিকৰনক অবগত কৰিছে ৷ এই বিকল্প স্থানখিনিকে শুকুৰবাৰে পৰিদৰ্শন কৰিব প্ৰাধিকৰনৰ উচ্চপদস্থ বিষয়াৰ দলটোয়ে ৷
লগতে পঢ়ক- মূল্যবৃদ্ধি ৰোধ কৰক, নহ’লে গাদী এৰি দিয়ক, গুৱাহাটীৰ ৰাজপথত জাতীয় পৰিষদৰ গণ-বিক্ষোভ
অবশ্যে ডবকা বনাঞ্চলৰ মাজেৰে নিৰ্মানৰ বাবে লোৱা পথৰ প্ৰস্তাব নাকচ বৰ্তমানলৈকে কৰা হোৱা নাই ৷ স্থানীয় লোকৰ মতে যমুনা নদীৰ পাৰে পাৰে হালধিআটি হৈ পথটো নিৰ্মান কৰিলে ডবকা বনাঞ্চল খন ৰক্ষা পৰিব ৷ লগতে হাতী , বাঘ , হলৌবান্দৰ , কেটেলা পহু, বনৰৌ, গাহৰি আদি কৰি জীৱকুলৰো বিচৰনত বাধা নহব ৷ বুঢ়ী গাওঁ হৈ বুঢ়ী বিলৰ পাৰে পাৰে জাল জুৰি আৰু দেউলাও বিলৰ কাষেৰে ৰঙাগৰা হৈ হালধিআটিৰে বিকল্প পথটো নিৰ্মানৰ প্ৰস্তাব ললে প্ৰকৃতি ধ্বংশ নহয় আৰু জীব কুলৰো কোনো ক্ষতি সাধন নহয় ৷ এই বিষয় লৈ বনমন্ত্ৰী মুখ্যমন্ত্ৰীও আলোচনাত বঢ়াৰ কথা প্ৰকাশ পাইছে , য’ত বিকল্প পথটোৰ সম্পৰ্কে চিন্তাচৰ্চাই গুৰুত্ব পাব বুলি কোৱা হৈছে ৷