ডবকাঃ ডবকাৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি পৰিদৰ্শন কৰিবলৈ আহিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উচ্চ-পদস্থ বিষয়া। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ পাছতে গা-লৰিছে বিভাগীয় কৰ্তৃপক্ষৰ।
পৰিদৰ্শন কৰিবলৈ অহা এগৰাকী বিষয়াক চিনেমাৰ নায়কৰ দৰে ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰাহে দেখা গ’ল। সাংবাদিককো অভব্য আচৰণ বিষয়া গৰাকীৰ।
লগতে পঢ়কঃবিৰুবাৰীত পশুধন নিগমৰ বিপনী ‘সতেজ’ মুকলি
এই সকল বিষয়াৰ এনে কাৰ্যত অসন্তুুষ্টিত প্ৰকাশ কৰে আমছুৱে। বনাঞ্চল পৰিদৰ্শন কৰিবলৈ অহা এই সকল বিষয়াই বৰ্তমান লৈকে এই সংক্ৰান্তত মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে।
শালগছ কটাৰ প্ৰস্তুতিক লৈ চলি থকা আন্দোলনে তীব্ৰতৰ হোৱাৰ সময়তে এইদৰে বিকল্প পথৰ সন্ধান চলাইছে বিভাগীয় কৰ্তৃপক্ষই।