ডবকাঃ ডবকাৰ ৰৌৱাৰপাৰত সংঘটিত হয় ভয়ংকৰ মাৰ-পিটৰ ঘটনা ৷ কাবাডী খেলক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনা ৷
জানিব পৰা মতে, কাবাডী খেল খেলি থকাৰ মাজতে এজনে সামান্য আঘাত পায়। দুই দলৰ মাজত সেই বিষয়লৈ তৰ্কা-তৰ্কি আৰম্ভ হয়।
তাৰ পিছতেই তাজ উদ্দিন, জাকিৰ হুছেইন নামৰ লোককেইজনে দা, লাখুটি, কোঠাৰ লৈ নাজিম উদ্দিন নামৰ লোকজনৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে তেওঁৰ পৰিয়ালৰ ওপৰতো আক্ৰমণ চলায়।
দুয়ো পক্ষৰ হতাহতিত বহুকেইগৰাকী লোক আহত হয়।
অৱশেষত ঘটনাস্থলীত ডবকা আৰক্ষী,মোৰাঝাৰ আৰক্ষীৰ লগতে আৰক্ষীৰ উৰ্ধতন বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷
ইতিমধ্যে আৰক্ষীয়ে তাজ উদ্দিনৰ লগতে তেওঁৰ পৰিয়ালৰ দুজন আৰু নাজিম উদ্দিনৰ পৰিয়ালৰ এজনক আটক কৰা বুলি জানিব পৰা গৈছে ৷
নাজিম উদ্দিনৰ পৰিয়ালে ন্যায় বিচাৰি উচিত তদন্ত কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে ৷
আৰু পঢ়কঃনিৰস্ত্ৰ লোকক গুলীয়াই হত্যা অসম ৰাইফলছৰ; মণিপুৰত উত্তেজনা