ডবকাৰ ঘনীয়াৰপাৰত সংগঠিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ পিতৃ- মাতৃ অবিহনে অকলশৰীয়া হৈ জীৱন পাৰ কৰিছে চাৰি কিশোৰে ৷ চাৰিটা লৰাৰ দায়িত্ব পালনত এতিয়া সমস্যাৰ সন্মুখীন হৈছে | আৰ্থিক ভাবে দৰিদ্ৰ পৰিয়ালটো বৃদ্ধা আইতাকে চাৰিওটা নাতিক লৈ উপা নাইকীয়া অবস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোত |
হোজাই জিলাৰ অন্তগৰ্ত মোৰাঝাৰ থানাৰ অন্তৰ্গত আমবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ ঘনীয়াৰপাৰ ১ নং ৱাৰ্ডৰ বাসিন্দা মৃত আলা উদ্দিনৰ পুত্ৰ ইকবাল হুছেইন ওৰফে বাবু আৰু তেওঁৰ পত্নীৰ চাৰি টাকৈ পুত্ৰ সন্তান এতিয়া আইতাকৰ লগত ৷
প্ৰথম অৱস্থাত কিশোৰ কেইটাৰ মাতৃয়ে অন্য এজন পুৰুষৰ লগত প্ৰেমত সম্পৰ্ক স্থাপন কৰি চাৰি সন্তান আৰু স্বামীক এৰি পলায়ন কৰে৷
এই ঘটনাৰ কেইদিনমান পিছতেই দেউতাক ইকবাল হুছেইন ওৰফে বাবুও প্ৰেমত পৰে অন্য এগৰাকী মহিলাৰ লগত | ইয়াৰ পিছতে দেউতাকেও বিবাহ পাশত আৱদ্ধ হৈ কণ কণ চাৰি পুত্ৰক অকলশৰীয়াকৈ এৰি থৈ ঘৰ বাৰী এৰি গুচি যায়৷
বৰ্তমান আইতাকৰ ওচৰত আছ যদিও আইতাকে পোহপাল দিয়াত বহুত কষ্টৰ সন্মুখীন হবলগীয়া হৈছে ৷
লগতে পঢ়ক ক’ভিডত স্বামীহাৰা মহিলালৈ আৰ্থিক সকাহ