ডবকাঃ ৰাজ্যত চলি থকা দালালৰাজৰ বিৰুদ্ধে ইতিমধ্যে চৰকাৰে এক প্ৰকাৰৰ জেহাদ ঘোষণা কৰিছে ৷ এদিনতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত দালালি কৰা কেইবা শতাধিক দালালক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত দালালি কৰাৰ অভিযোগত ইতিমধ্যে ৯ জনকৈ দালালক ডবকা আৰু মোৰাঝাৰ আৰক্ষীয়ে কাৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ সৰু সৰু দালালক আৰক্ষীয়ে কৰায়ত্ব কৰিছে যদিও তাৰ মাজতে সাৰি গৈছে ডাঙৰ ডাঙৰ দালাল ৷
ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ জেষ্ঠ সহায়ক তথা দালাল ৰূপী ৰফিকুল ইছলাম তালুকদাৰৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই তেওঁৰ হাতত বলি হৈ সৰ্বহাৰা হোৱা বহু লোকে এতিয়া মুখ খুলিবলৈ আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃডিফুত চোৰাং কাঠ উদ্ধাৰ
এই দালালৰ কবলত পৰি সৰ্বহাৰা হোৱা কেইজনমান ভুক্তভূগীলোকে ডবকাত এক সংবাদমেল আয়োজন কৰি দালাল ৰফিকুল ইছলামৰ বিষয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে ৷
লোকসকলে নিজৰ মাটিবাৰী বেচা -কিনা কৰাৰ সময়ত এই ৰফিকুলক দালালি কৰাৰ সুযোগ নিদিয়াৰ বাবে তেওঁলোকে পদে পদে জীয়াতু ভুগীব লগা হোৱা বুলি অভিযোগ কৰে ৷
তেওঁলোকে ইতিমধ্যে ডবকা আৰক্ষী থানাত লোকজনৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু জালিয়াতি কৰাৰ অভিযোগ তুলি গোচৰ তৰিছে যদিওঁ বছৰ ওকলি যোৱাৰ পাছতো আজিলৈকে ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছে ৷
মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ দালালৰ বিৰুদ্ধে যি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপক সকলোৱে আদৰণী জনাইছে ৷ ইয়াৰ সমান্তৰালকৈ ডবকাৰ ৰফিকুল ইছলাম নামৰ দালাল জনক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলৈকো ভুক্তভূগী লোকসকলে মুখ্যমন্ত্ৰী , চৰকাৰ, তথা আৰক্ষী প্ৰশাসনক আহবান জনাইছে ৷