ডবকাঃ শাৰদীয় দুৰ্গোৎসৱ চলি থকাৰ মাজতে ডবকাত সংঘটিত হৈছে ডকাইতি কাণ্ড ।
মাজনিশা ৰাস্তাৰ ওপৰত প্ৰকাণ্ড শালগছ গছ কাটি পেলাই থৈ ৰাস্তা বন্ধ কৰি কেইবাখনো গাড়ীত ডকাইতি কাণ্ড সংঘটিত কৰে।
ডবকা -ডিফু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা ।
ডকাইতৰ দলটোৱে প্ৰায় ২০-২৫ খন গাড়ী ডকাইতি কৰাৰ খবৰ পোৱা গৈছে।
লগতে পঢ়কঃগাঁও পঞ্চায়তৰ চৰকাৰী আঁচনিৰ ধন আত্মসাত কৰাৰ অভিযোগ
এই ঘটনা সংক্ৰান্তত ডবকা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । কিন্তু পৰিতাপৰ বিষয় এই যে ডবকা সংৰক্ষিত বনাঞ্চলৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১ কিলোমিটাৰ মান নিলগত কেনেকৈ প্ৰকাণ্ড শালগছ কাটি সংঘটিত কৰিব পাৰিলে ইমান দীঘলীয়া ডকাইতি কাণ্ড,তাকে লৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ।