হোজাইঃ ডবকাৰ শালবাগান সুৰক্ষাৰ দাবীত বহু সংগঠনৰ প্ৰতিবাদৰ অন্তত এক ভাল খবৰ আহিল ডবকালৈ। কেন্দ্ৰৰ বন পৰিৱেশ দপ্তৰৰ মহাপৰিদৰ্শকে ঘোষণা কৰিলে যে ডবকা সংৰক্ষিত বনাঞ্চলৰ গছ কাটি সম্প্ৰসাৰণ কৰা নহয় ফ’ৰলেন।

ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ৬২০০ জোপা মূল্যৱান গছ কাটি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰিত কৰাৰ যি সিদ্ধান্ত আছিল সেয়া এতিয়া বাতিল হৈছে। এই খবৰ পোৱাৰ পাছতে উৎফুল্লিত হৈ পৰিছে ডবকাবাসীৰ লগতে বিভিন্ন দল-সংগঠন।

উল্লেখ্য যে ডবকা সংৰক্ষিত বনাঞ্চলৰ ৬২০০ জোপা মূল্যৱান গছ কাটি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰাৰ তীব্ৰ বিৰোধিতা কৰি ১৫ অক্টোবৰৰ পৰা আন্দোলন কৰি আছিল হোজাই জিলা আছু, হোজাই জিলা আমছু, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদকে ধৰি ভিন্ন দল-সংগঠনে। অৱশেষত এই আন্দোলনৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল কেন্দ্ৰ চৰকাৰ।

লগতে পঢ়কঃ“জাতীয় চেতনা গোহাঞিবৰুৱাৰ সাহিত্য ৰচনাৰ মূল আধাৰ”

উল্লেখ্য যে যোৱা ২৫ নৱেম্বৰত নতুন দিল্লীলৈ গৈ হোজাই জিলাৰ আমছুৱে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী আৰু বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰীক সাক্ষাৎ কৰি গছ কাটি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰ্যৰ বিৰোধিতা কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল।

কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰীৰ নিৰ্দেশত ডবকাত উপস্থিত হয় এগৰাকী বন বিভাগৰ উপ-মহাপৰিদৰ্শক। বন বিভাগৰ উপ-মহাপৰিদৰ্শকগৰাকীয়ে সমগ্ৰ বনাঞ্চলখনৰ বুজ লোৱাৰ পাছত পথ নিৰ্মাণৰ নামত গছ কটা নহ’ব বুলি সিদ্ধান্ত লয়, কিয়নো ডবকা সংৰক্ষিত বনাঞ্চলৰ ছটা স্থানত হস্তী কৰিডৰ আছে আৰু বিভিন্ন বন্যপ্ৰাণীৰ বাসস্থান ডবকা সংৰক্ষিত বনাঞ্চল। সকলো দিশ চালি-জাৰি চোৱাৰ পাছত গছসমূহ কটা নহয় বুলি ঘোষণা কৰে বন বিভাগৰ উপ-মহাপৰিদৰ্শকগৰাকীয়ে।

পথছোৱা এতিয়া ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰিৱৰ্তে বিকল্প স্থানেৰে নিয়াৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বন, পৰিৱেশ দপ্তৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। এই খবৰে স্বাভাৱিকতে সুখী কৰি তুলিছে প্ৰতিজন প্ৰকৃতিপ্ৰেমীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply