ডবকাঃ ডবকাৰ টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি।
টোলগেটৰে যাতায়ত নকৰা বাহনৰ পৰা কৰ সংগ্ৰহ কৰাক লৈ উত্তপ্ত পৰিস্থিতি।
অবৈধভাৱে কৰ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন।
লগতে টোলগেট কৰ্তৃপক্ষই বাহন চালকৰ লগত দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে একাংশই।
লগতে পঢ়কঃ দিখৌমুখত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিশাল মানৱ শৃংখল কাৰ্যসূচী
টোলগেটৰ দুয়োপাৰে বাহন ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে।
টোলগেট ভাঙি পেলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।