গুৱাহাটীৰ নুনমাটি ৰিফাইনেৰী হাস্পতালৰ চিকিৎসক ভাস্কৰ বৰুৱা অৱশেষত গ্ৰেপ্তাৰ হ’ল। নুনমাটি আৰক্ষীয়ে অভিযান চলাই কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ কমলপুৰৰ পৰা নিশা গ্ৰেপ্তাৰ কৰে ডাঃ ভাস্কৰ বৰুৱাক।
বাইহাটা চাৰিআলিৰ নিজৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল চিকিৎসক ভাস্কৰ বৰুৱা। নুনমাটি আৰক্ষীয়ে ডাঃ বৰুৱাৰ মোবাইল ফোন ট্ৰেছ কৰি অভিযুক্ত ডাঃ ভাস্কৰ বৰুৱাক গ্ৰেপ্তাৰ কৰে।
যোৱা ২৬ জানুৱাৰীৰ নিশা গুৱাহাটী ৰিফাইনেৰী হাস্পতালত যুৱতী পৰিচাৰিকা এগৰাকীক শ্লীলতা হানি কৰা বুলি অভিযোগ উঠাৰ পিছৰে পৰাই পলায়ন কৰি আত্মগোপন কৰি আছিল অভিযুক্ত ডাঃ বৰুৱা।
তিনিদিন ধৰি আত্মগোপন কৰাৰ অন্তত নুনমাটি আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত চিকিৎসকজনক। আৰক্ষীয়ে সম্প্ৰতি নুনমাটি আৰক্ষীয়ে থানাত চিকিৎসকগৰাকীক জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক- কৰিমগঞ্জত বৃহৎ পৰিমাণৰ ড্ৰাগছজাতীয় সামগ্ৰীসহ এজনক আটক