ডাঃ সেউজ কুমাৰ সেনাপতি

হোজাই জিলাৰ উদালীৰ ফুলতলিত এজন কনিষ্ঠ চিকিৎসকক ডা: সেউজ কুমাৰ সেনাপতিক আক্ৰমন কৰি আহত কৰে | কোৰোনাত আক্ৰান্ত হৈ লংকাৰ গিয়াছুদ্দিন নামৰ এজন লোকৰ মৃত্যু হোৱাৰ পিছতেই উন্মুত্ত হৈ আক্ৰমন কৰে |

লংকা থানাৰ অন্তৰ্গত ফুলতলীৰ মডেল হাস্পতালত স্থাপন কৰা কোভিড চিকিৎসালয়ত এজন ৰোগীৰ মৃত্যুৰ ঘটনাক লৈ মঙলবাৰে বিয়লি উত্তপ্ত হৈ পৰে চিকিৎসক কেন্দ্ৰটোৰ পৰিৱেশ। মৃত ৰোগীজনৰ চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ তুলি মৃত ৰোগীজনৰ আত্মীয়ই চিকিৎসক ডাঃ সেউজ সেনাপতিক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ লগতে সেই সময়ত কৰ্তব্যৰত একাংশ নাৰ্ছকো মাৰ-ধৰ কৰে।

উত্তেজিত আত্মীয় আৰু দুষ্কৃতিকাৰী দলটোৱে চিকিৎসা কেন্দ্ৰটোৰ বহু আচবাবো ভাঙি-চিঙি লণ্ড ভণ্ড কৰে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, মঙল বাৰে পুৱা প্ৰায় ১০ বজাত উদালী অঞ্চলৰ গিয়াছুদ্দিন নামৰ এজন কোভিড ৰোগীৰ চিকিৎসালয়খনত মৃত্যু হয়। চিকিৎসকে জানিবলৈ দিয়া মতে, চিকিৎসালয়ত ভৰ্তি কৰা ৰোগীজনৰ কাঁহ জ্বৰৰ বাহিৰে আন বিশেষ সমস্যা নাছিল যদিও বিয়লি প্ৰায় ২ বজাত তেওঁৰ যে পুৱাৰে পৰা প্ৰশ্ৰাৱ হোৱা নাই এই বিষয়ে চিকিৎসকক জানিবলৈ দিয়ে।

পিছত চিকিৎসকে কৃত্ৰিম ভাৱে প্ৰশ্ৰাৱ কৰোৱাৰ ব্যৱস্থা লয় যদিও তেনে সময়তে হঠাৎ ৰোগীজনৰ মৃত্যু হয়। ইফালে, ৰোগীৰ আত্মীয়ৰ মতে, চিকিৎসকৰ দায়িত্বহীনতা আৰু হেমাহীৰ ফলতে ৰোগীজন এনেদৰে মৃত্যুৰ মুখত পৰিব লগা হয়। এনে আকস্মিক মৃত্যুৰ ঘটনাক লৈ লগে লগে উন্মোত্ত হৈ উঠে ৰোগীৰ আত্মীয় সহ একাংশ লোক।

চিকিৎসকগৰাকীয়ে সমগ্ৰ পৰিস্থিতি বুজাবলৈ চেষ্টা কৰোতেই তেওঁৰ ওপৰত জপিয়াই পৰে উন্মোত্ত দলটো। প্ৰাণৰ মমতাত চিকিৎসালয় খনৰ পৰা বাহিৰ ওলাই পলাবলৈ চেষ্টা কৰা অৱস্থাতো তেওঁক খেদি খেদি মাটিত বগৰাই বগৰাই মাৰপিট কৰাৰ উপৰি গাৰ কাপোৰ কানিও ফালি পেলায়। উন্মোত্ত দলটোৱে সেই সময়ত কৰ্তব্যৰত কেইবা গৰাকী নাৰ্ছকো মাৰধৰ কৰি আহত কৰে।

ইফালে, চিকিৎসালয়ৰ ভিতৰতে এনে মাৰধৰ তথা আচবাব লণ্ড ভণ্ড কৰাৰ ঘটনাই চিকিৎসাধীন ৰোগী আৰু আত্মীয়সকলৰ মাজত আতংকৰ সৃষ্টি কৰে। এঘন্টা ধৰি চলা এই উপদ্ৰৱৰ পাছত লংকা থানাৰ আৰক্ষীৰ লগতে জিলা প্ৰশাসনৰ দণ্ডাধীশো ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ উপৰি গুৰুতৰভাৱে আহত চিকিৎসক আৰু কেইগৰাকীমান নাৰ্ছক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। ঘটনা সন্দৰ্ভত কেইবা গৰাকী লোকক আৰক্ষীয়ে ইতিমধ্যে জয়নাল উদ্দিন আৰু কামালুদ্দিন নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কৰ্মযজ্ঞ আৰম্ভ কৰিছে অখিল গগৈয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply