হোজাই জিলাৰ লংকাৰ ফুলতলী মডেল হাস্পতালত স্থাপন কৰা ক’ভিড কেয়াৰ চেন্টাৰত ক’ভিডত আক্ৰান্ত এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ ঘটনাৰ পাছত উন্মোত্ত হৈ উঠা তেওঁৰ আত্মীয় লোকে বন্ধু-বৰ্গক লগত লৈ চিকিৎসক-নাৰ্ছক বৰ্বৰভাৱে গুৰুলা-গুৰুলকৈ পিটাৰ লগতে চিকিৎসালয়খন ভাঙি ছিঙি লণ্ড ভণ্ড কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই ঘটনাৰ প্ৰতিবাদত আজি চৰকাৰী চিকিৎসকৰ সংগঠন আমছা আৰু সমুহ চিকিৎসকৰ সৰ্বভাৰতীয় সংগঠন আইএমএৰ অসম শাখাই সমুহ চিকিৎসালয়ত ২ বজা পৰ্যন্ত চিকিৎসালৰ বহিঃবিভাগত ৰোগী চোৱাৰ লগতে তেওঁলোকৰ ৰোগ সম্পৰ্কীয় পৰীক্ষাৰ কাম কাজ বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। অৱশ্যে জৰুৰী সেৱাৰ সৈতে জড়িত চিকিৎসকসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

বৰ্তমান সময়ত কেৱল কোভিড ৰোগীৰ চিকিৎসাৰ সৈতে জড়িত ২৫০ৰো অধিক চিকিৎসক, ৫ শতাধিক নাৰ্ছ, ১৫শ চিকিৎসা কৰ্মী আৰু ১৫ শ চাফাই কৰ্মী ৰাজ্যখনত ২ বজা পৰ্যন্ত নিজৰ দায়িত্বৰ পৰা বিৰত থাকি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত অতিমাৰীৰ এই আতংকময় পৰিৱেশত ৰোগী আৰু চিকিৎসালয়ৰ পৰিস্থিতি ভয়াবহ হৈ পৰাৰ শংকা নথকা নহয়।

উল্লেখ যে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত আজিৰ তাৰিখত ৫১৩৩৩জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে যদিও নতুনকৈ ক’ভিড আক্ৰমণ হাৰ আৰু মৃত্যুৰ হাৰ কালিৰ দিনটোত সামান্য হ্ৰাস পাইছে। তথাপিও ৰাজ্যৰ কোভিড পৰিস্থিতিক এতিয়াও উন্নত বুলি ক’ব পৰা হোৱা নাই। ইতিমধ্যে ৰাজ্যখনত ক’ভিডৰ দ্বিতীয়টো ঢৌত ৩৪১৬জন লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে ১৩৪৭জন কোভিড পজিটিভ লোকৰ আন শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যু হৈছে।

আনহাতে, মঙলবাৰৰ এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছতে ভিডিঅ’ৰ ভিত্তিত মহিলাসহ আক্ৰমণত জড়িত ২৪জন লোকক লংকা আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰখাৰ মাজতে সমগ্ৰ ৰাজ্যতে চিকিৎসা ক্ষেত্ৰখনত প্ৰভাৱ পেলোৱা এই বৰ্বৰ ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ উদ্দেশ্যে ইতিমধ্যে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত সহ উচ্চপদস্থ বিষয়াবৰ্গ মুখ্যমন্ত্ৰী নিৰ্দেশক্ৰমে ঘটনাস্থলীলৈ ৰাওনা হৈছে।

লগতে পঢ়ক হোজাই জিলাৰ উদালীৰ ফুলতলিত ক’ভিড ৰোগীৰ নিহতক লৈ কনিষ্ঠ চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতিক আক্ৰমন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply