মাজুলী : দক্ষিণ মাজুলীৰ ভেকেলি চাপৰিৰ কোমলিয়াত মঙলবাৰে এটা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰৰ বুলি ইতিমধ্যে নিশ্চিত কৰা হৈছে। মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ আৰক্ষী আৰু এন ডি আৰ এফৰ দল ৰাওনা হৈ মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰৰ বুলি নিশ্চিত কৰে।
নিমাতিঘাটত ফেৰী দুর্ঘটনাত সন্ধানহীন হৈ আছিল চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ। ফেৰী দুৰ্ঘটনাৰ দিনা চিকিৎসক বিক্ৰমজিৎ বৰুৱা ক’লা কাপোৰ পৰিধান কৰি আছিল।
ভেকেলি চাপৰিৰ কোমলিয়াত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা লোক জনৰ মৃতদেহটোত ক’লা কাপোৰ আছিল।
লগতে পঢ়ক : “মানসিক শিক্ষাৰ অবিহনে সাধাৰণ শিক্ষাৰে শিক্ষিত হ’লেও পূৰ্ণতা নাপায়”
মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাই আৰক্ষী আৰু এন ডি আৰ এফৰ দল ভেকেলি চাপৰিৰ কোমলিয়াত উপস্থিত হৈ মৃতদেহটো পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে। আৰক্ষী আৰু প্ৰশাসনৰ লোকে ইতিমধ্যে চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ নিমাতিঘাটলৈ আনি থকা বুলি জানিব পৰা গৈছে।