প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: কামৰূপ জিলাৰ চাংসাৰিত নিৰ্মীয়মান সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান (AIIMS)-ৰ সপ্তম মহলাৰ পৰা পৰি এজন চিকিৎসকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নিৰ্মাণকাৰ্যত নিয়োজিত শ্ৰমিকে ডাঙৰকৈ ওপৰৰ পৰা কিবা এটা পৰাৰ শব্দ শুনি লৰালৰিকৈ সেই স্থানত গৈ চিকিৎসকজনক তেজত লুতুৰি-পুতুৰি হৈ পৰি থকা দেখা পায়।

চিকিৎসকজনক ততাতৈয়াকৈ ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তাতেই তেওঁ মৃত্যু ঘটে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নিহত চিকিৎসক গৰাকীক ফালগু প্ৰতিম দাস বুলি চিনাক্ত কৰা হৈছে।

“প্ৰাথমিক তদন্ত অনুসৰি চিকিৎসকজন বিল্ডিংটোৰ সপ্তম মহলাৰ পৰা পৰি যায়। এইয়া দুৰ্ঘটনা নে আত্মহত্যা সেই কথা তদন্তৰ পিছতহে গম পোৱা যাব,’’ এজন বিষয়াই কয়।

উল্লেখযোগ্য যে সাধাৰণ লোকৰ বাবে AIIMS আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাই যদিও প্ৰতিষ্ঠানটোত ইতিমধ্যে ক্লাছ আৰম্ভ হৈ গৈছে।

লগতে পঢ়ক – মেঘালয়ত ভূমিস্খলনঃ আঢ়ৈ বছৰীয়া শিশুসহ ৪জনে হেৰুৱালে প্ৰাণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply