জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকালৈ বুধবাৰে Doctor of Business ডিগ্ৰী প্ৰদান ডাউন টাউন ইউনিৰ্ভাৰচিটিয়ে ৷
ৰাজ্যখনৰ কৃষি খণ্ডলৈ আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবেই বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা হয় এই ডিগ্ৰী ৷
বুধবাৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে তেওঁলোকৰ অষ্টম সমাৱৰ্তনত এই ডিগ্ৰী প্ৰদান কৰে বিধায়ক গৰাকীক । বিধায়ক গৰাকীক এই ডিগ্ৰী প্ৰদানত উৎফুল্লিত হৈ পৰিছে চতিয়া সমষ্টিবাসী ৷
সমষ্টিৰ ৰাইজে কয় যে চতিয়া সমষ্টিৰ বিধায়ক আমাৰ বাবে গৌৰৱ , আমাৰ মাৰ্গদৰ্শক, আমাৰ অভিভাৱক ৷ বিধায়ক পদ্ম হাজৰিকা চতিয়া সমষ্টিৰ সৰ্ব্বকালৰ সৰ্ব্বশ্ৰেষ্ঠ ও সৰ্ব্বপ্ৰিয় বিধায়ক ৷ তেওঁ চতিয়া সমষ্টিত যি কৰ্ম সংস্কৃতি গঢ়ি তুলিছে তাৰ প্ৰতি আকৰ্ষিত হৈছে সমষ্টিটোৰ শ শ নিবনুৱা যুৱক ৷
লগতে পঢ়কঃযুৱৰাজ সিঙে আগবঢ়োৱা ক্ৰিটিকেল কেয়াৰ ইউনিট বিছনাৰ উদ্বোধন
সমষ্টিটোৰ শ শ নিবনুৱা অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হৈ উঠিছে ৷ সমষ্টিটোত এক নব কৃষি বিপ্লৱ সূচনা হৈছে ৷
এই সময়ত এজন উপযুক্ত ব্যক্তিক ডাউন টাউন বিশ্ববিদ্যালয়ে উপযুক্ত মৰ্য্য়দা দিয়া বুলি মন্তৱ্য কৰে সমষ্টিবাসী ৰাইজে ৷