লংকাৰ ফুলতলী মডেল চিকিৎসালয়ৰ চিকিৎসকক কৰা আক্ৰমণৰ ঘটনাই অসমক লজ্জিত কৰিছে সমগ্ৰ দেশৰ সন্মুখত ।
নিজৰ জীৱনক তুচ্ছ কৰি এই কোৰোনা কালত কোৰোনা ৰোগীক চিকিৎসা প্ৰদান কৰি অহা চিকিৎসকক এচাম দানৱে কালি যি বৰ্বৰোচিত আক্ৰমণ কৰিলে তাৰ বিৰুদ্ধে গৰজি উঠিছে সমগ্ৰ অসমৰ চিকিৎসকসকলে ।
আজি কলা বেজ পৰিধান কৰি চিকিৎসক সকলে নিজৰ নিজৰ দায়িত্ব পালন কৰা দেখা গল মানকাচৰৰ বিভিন্ন ঠাইত । জিলাখনৰ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয় , মানকাচৰ সমূহীয়া চিকিৎসালয় , কালাপানী চিকিৎসালয় আৰু বাঘাপাৰা চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীসকলে এই প্ৰতিবাদত অংশ লয় ।
দোষীক উপযুক্ত শাস্তিৰ দাবী জনালে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে ।
লগতে পঢ়ক অৱশেষত হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ নগাও আৰু কাছাৰ কাগজ কল বিক্ৰীৰ বাবে সাজু