নিউজ ডেস্ক: শিশু নিৰ্যাতনৰ অন্যতম অভিযুক্ত চিকিৎসক সংগীতা দত্তক নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মেঘালয়লৈ পলায়নৰ চেষ্টা কৰোঁতে পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সংগীতা দত্তক।
যোৰাবাটৰ পথত গ্ৰেপ্তাৰ হোৱা সংগীতা দত্তক পোনে পোনে চিকিৎসা পৰীক্ষা কৰিবলৈ ধীৰেনপাৰা চিকিৎসালয়লৈ লৈ যোৱা হয়।
তাৰ পিছতেই চিকিৎসক সংগীতা দত্তক পানবজাৰস্থিত মহিলা আৰক্ষী থানাত নিশাটো ৰখাটো হয়।
ইতিমধ্যেই শিশু নিৰ্যাতনৰ সৈতে জড়িত থকা চিকিৎসক সংগীতা দত্তৰ স্বামী চিকিৎসক ৱালিউল ইছলামক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছে।
আনহাতে ঘটনাটোৰ সৈতে জড়িত চিকিৎসক সংগীতা দত্তৰ ঘৰৰ বনকৰা মহিলা লক্ষ্মী ৰায়ক সম্প্ৰতি ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়ক – অসম গণ পৰিষদক শক্তিশালী কৰাৰ লক্ষ্যৰে কাছাৰত কৰ্মকৰ্তা সন্মিলন