প্ৰবীণ বৰুৱা, মঙলদৈঃ ৰাজ্যত ক্ৰমান্বয়ে বানৰ পানী হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বানৰ তাণ্ডৱৰ পাছত এতিয়া বহু গুৰুত্বপূৰ্ণ নিথ-পত্ৰসহ লক্ষাধিক টকাৰ সা-সামগ্ৰী নষ্ট হৈছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ।

মঙলদৈত বানৰ তাণ্ডাৱৰ পাছত মঙলদৈস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ নথি সহ লক্ষ্যধিক টকাৰ সা-সামগ্ৰী নষ্ট হয়। প্ৰলয়ংকাৰী বানৰ পানীত তিনিদিন বুৰি থাকিল কাৰ্যালয়ৰ নথি-পত্ৰকে ধৰি ৮ টাকৈ কম্পিউটাৰ, লেপটপৰ লগতে কাৰ্যালয়ৰ সা-সামগ্ৰী।

হঠাতে নিশা হোৱা বানপানীৰ ফলতেই হ’ল এনে অৱস্থা হৈছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, কৰ্মচাৰী সকল নিশা সামগ্ৰী সমূহ উলিয়াব গৈছিল যদিও পানীৰ প্ৰকোপ বৃদ্ধি হোৱা বাবে উলিয়াই আনিবলৈ সক্ষম নহ’ল। কেইবা লক্ষ্য টকাৰ সা-সম্পত্তি পানীত নষ্ট হয় বুলি জানিব দিয়ে কৰ্মচাৰী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply