নিউজ ডেস্কঃ ২০০১ চনৰ পৰা অসমত মদৰ দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদান নকৰা অসম চৰকাৰে ২০২২ চনত কেইবাখনো জিলাত মুঠ ১৪ খন মদৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰে চৰকাৰে। যাৰ বাবে সদন আজি বিধায়ক দেৱব্ৰত শইকীয়াই আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক প্ৰশ্ন কৰে যে, চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে মদৰ দোকান আৰু বাৰ খোলাৰ অনুমতি দিয়ে নেকি ?
শইকীয়াৰ প্ৰশ্নত মন্ত্ৰী শুক্লবৈদ্যয়ে উত্তৰ দিয়ে যে, অসম চৰকাৰে কেৱল ৰাজহ সংগ্ৰহৰ ৰাখি স্বাৰ্থত আবকাৰী বিভাগৰ মদৰ দোকান, বাৰ আদিৰ অনুজ্ঞাপত্ৰ প্ৰদান নকৰে। অৱশ্যে জিলা উপায়ুক্ত বাস্তৱ উপযোগিতাৰ ওপৰত ভিত্তি কৰি তথা ক্ৰমবৰ্ধমান নগৰীকৰণ, পৰ্যটন ক্ষেত্ৰত বিকাশ, জনসংখ্যা বৃদ্ধি আদিৰ প্ৰতি লক্ষ্য ৰাখি নতুন অনুজ্ঞাপত্ৰ বিষয়ে বিবেচনা কৰা হয়।
লগতে বিগত ৫ বছৰত অসম চৰকাৰে আবকাৰী বিভাগৰ কৰ সংগ্ৰহৰ পৰিমাণ দেৱব্ৰত শইকীয়াই প্ৰশ্ন শুধাত মন্ত্ৰী গৰাকীয়ে অৱগত কৰে যে, ২০১৮-১৯ ত ২২০৪.১৫ কোটি টকা, ২০১৯-২০ ত ২৬০৬.৬৮ কোটি টকা, ২০২০-২১ ত ২৯৭৭.৬১ কোটি টকা, ২০২১-২২ বৰ্ষত ৩০৪৮.৯৮ কোটি টকা আৰু ২০২২ ৰ পৰা ২০২৩ ফেব্ৰুৱাৰী লৈকে ৩৫৪৮.৩১ কোটি টকা আবকাৰী বিভাগৰ কৰ সংগ্ৰহ কৰে অসম চৰকাৰে।
ইফালে, বিগত ৫ বছৰত আবকাৰী বিভাগে আবকাৰী আইন উলংঘা কৰাৰ বাবে সৰ্বমুঠ ১১৮০৩১০৪.৯০ কোটি টকা চৰকাৰক জৰিমনা বিহে বুলি মন্ত্ৰী গৰাকীয়ে জনাই।
বৰ্তমান অসমত কিমান দেশীয় সুৰাৰ দোকান আৰু বাৰ আছে প্ৰশ্ন শুধাত মন্ত্ৰী পৰিমলে কয় যে, বৰ্তমান অসমত ১৭০৮ খন বিদেশী সুৰাৰ দোকান আৰু ৮৬৩ খন বাৰ আছে ।
উল্লেখযোগ্য যে, অত্যাধিক মাদক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মৃত্যুমুখত পৰাৰ সংখ্যা দেৱব্ৰত শইকীয়াই বিচাৰে যদিও অসম চৰকাৰ হাতত ইয়াৰ কোনো তথ্য নাই বুলি নাই বুলি জনাই।