প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

তিনিচুকীয়া-তিনিচুকীয়াত নিৰ্বাচনৰ পূৰ্বেই সংঘটিত হয় নিৰ্বাচনী হিংসা। জিলাখনৰ বুঢ়ীদিহিং গাওঁ পঞ্চায়তৰ বিজেপিৰ বুথ সভাপতিক ছুৰীৰে আঘাত কৰি হত্যা কৰে। ৰাজনৈতিক সংঘাতৰ ফলস্বৰূপে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

ঘটনা অনুসৰি শুকুৰবাৰে সন্ধিয়া দলীয় সভা সামৰি আহি ঘৰলৈ ওভতা বিজেপিৰ ডুমডুমা–নগাঁও বুথ সমিতিৰ সভাপতি দেৱানন্দ গগৈক পূর্বৰে পৰা চোপ লৈ থকা স্থানীয় এজন যুৱকে পিছফালৰ পৰা চোকা অস্ত্রৰে আঘাত কৰে ৷

গুৰুতৰভাৱে আহত দেৱানন্দ গগৈক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই শেষনিশ্বাস ত্যাগ কৰে দেৱানন্দ গগৈয়ে।

ইতিমধ্যে হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহত বৰডুমচা আৰু পেঙেৰী আৰক্ষীয়ে এজনক আটক কৰিছে। আটক কৰা লোকজনৰ নাম জয়চন্দ্ৰ গগৈ বুলি জানিব পৰা গৈছে।

ৰাজনৈতিক বিৰোধিতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে ৷

এই ঘটনাক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্রে কৰায়ত্ত কৰিবলৈ অসম আৰক্ষীক নির্দেশ দিছে৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দেৱানন্দ গগৈৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply