ডিব্ৰুগড় : ডিব্ৰুগড়ৰ বৈৰাগীমঠত লোমহৰ্ষক হত্যাকাণ্ড৷ এজন লোকে সংঘটিত কৰিছে দুটাকৈ হত্যাকাণ্ড৷ ঘৰৰ মালিক আৰু নিজ পত্নীক হত্যা কৰি পলায়ন অভিযুক্তৰ৷

ক্ৰমাৎ যেন অস্থিৰ হ’বলৈ ধৰিছে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি৷ প্ৰতিদিনেই সংঘটিত হ’বলৈ লৈছে সৰু-বৰ অপৰাধ৷ সোমবাৰে দুপৰীয়া যোৰহাট নগৰৰ মাজমজিয়াত এদল উন্মাদ লোকে অনিমেষ ভূঞা নামৰ আছু নেতাজনক অতি নৃশংসভাৱে হত্যা কৰাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতেই ডিব্ৰুগড়ত সংঘটিত হ’ল আন দুটা হত্যাকাণ্ড৷

স্বামীয়ে হত্যা কৰিলে পত্নী আৰু ঘৰৰ মালিকক৷ এখন টাৱাৰে কোবাই হত্যা কৰা হৈছিল সুধী গগৈক৷ আনহাতে পত্নী কাজলক ডিঙি চেপি হত্যা কৰে ৰাজীৱে৷
অবিবাহিত সুধী গগৈ অকলেই থাকে ঘৰটোত৷

মঙলবাৰে পুৱা সম্পৰ্কীয় লোকে তেওঁক নেদেখি খবৰ কৰাত বিচনাত উদ্ধাৰ কৰে হাত-ভৰি বন্ধা অৱস্থাত সুধী গগৈৰ মৃতদেহ৷ মাত্ৰ কেইদিন মান পূৰ্বে সুধী গগৈৰ ঘৰত ভাৰাতীয়া হিচাপে থাকিবলৈ লৈছিল ৰাজীৱ চুক্ৰাঙ, তেওঁৰ পত্নী কাজল চুক্ৰাঙ আৰু তেওঁলোকৰ কণমানি সন্তান৷

লগতে পঢ়ক : অৱসৰৰ দিনাই ছুটীৰ বেতন আৰু জিআইএছৰ অনুমোদন পত্ৰ প্ৰদান

আৰক্ষী সূত্ৰই জনোৱা মতে সুধী গগৈৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল ৰাজীৱৰ৷ কিন্তু পত্নীয়ে বাধা দিবলৈ অহাত প্ৰথমে সুধী গগৈক আৰু তাৰ পিছত পত্নী কাজলক হত্যা কৰিলে ৰাজীৱে৷ হত্যাকাণ্ডৰ পিছতে সন্তানক লগত লৈ পলায়ন কৰে ৰাজীৱ চুক্ৰাঙে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,753 other subscribers

Leave a comment

Leave a Reply