ক'ভিড

গুৱাহাটী : অসমৰ বাবে বেয়া খবৰ। কভিডৰ ভয়াবহ নতুন ৰূপ ডাবল মিউটেণ্ট ভাইৰাছ অসম পালে। অসমত ধৰা পৰিছে ডাবল মিউটেণ্ট ভাইৰাছ। ডিব্ৰুগড়ত ধৰা পৰিছে এই ভয়াবহ ভাইৰাছ। ডিব্ৰুগড় বিমান বন্দৰত কভিডৰ ডাবল মিউটেণ্ট ভাইৰাছ ধৰা পৰা বুলি জানিবলৈ দিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দেশত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিল্লী আৰু মহাৰাষ্ট্ৰত কভিডৰ দ্বিতীয় ঢৌৱে তাণ্ডৱ চলাই প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ আক্রান্ত কৰাৰ লগতে মৃত্যুৰ মুখলৈ ঠেলি দিছে বহু লোকক। বিশেষকৈ মহাৰাষ্ট্ৰত কভিডৰ নতুন ৰূপ ডাবল মিউটেণ্ট ভাইৰাছে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।

অসমত কভিডৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ পৰিছে আৰু প্ৰতিদিনে নতুন লোক আক্রান্ত হৈছে কভিডত। অসমত পৰিস্থিতি বর্তমানলৈকে নিয়ন্ত্ৰণত আছে যদিও কভিডৰ নতুন ৰূপ ডাবল মিউটেণ্ট ভাইৰাছৰ অসম আগমনে অসমত যিকোনো পৰিস্থিতি সৃষ্টি কৰাৰ শংকা আছে।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ কভিডৰ নতুন ৰূপ ডাবল মিউটেণ্ট ভাইৰাছ ধৰা পৰা বুলি উদ্বেগজনক খবৰ দি ৰাজ্যবাসীক অধিক সজাগ হোৱাৰ বাবে অনুৰোধ জনাইছে। ডিব্ৰুগড় বিমান বন্দৰত এই ভাইৰাছ ধৰা পৰা খবৰ অসমবাসী ৰাইজৰ বাবে অতিকৈ চিন্তনীয়।

দেশৰ কেইবাখনো ৰাজ্যৰ লগতে মহাৰাষ্ট্ৰত কভিড মহামাৰীয়ে তাণ্ডৱলীলা চলাই থকাৰ আঁৰতে আছে কভিডৰ এই নতুন ৰূপ ডাবল মিউটেণ্ট ভাইৰাছ। কভিডৰ এই নতুন ৰূপটোৰ জন্ম হৈছে ভাৰতত। ভাৰতৰ বাহিৰত কভিডৰ এই নতুন ৰূপটোক কভিডৰ ভাৰতীয় ৰূপ বুলি জনা যায়। কভিডৰ এই নতুন ৰূপটো অতি ক্ষিপ্ৰতাৰে সংক্ৰমিত হয় বাবে ই অধিক ভয়াবহ।

এই ভাইৰাছক বি ১.৬১৭ বুলি চিহ্নিত কৰা হয়। দুটা ৰূপৰ কভিডৰ সংমিশ্ৰণ ঘটি এই ভাইৰাছৰ জন্ম হোৱাৰ বাবে ইয়াক ডাবল মিউটেণ্ট ভাইৰাছ বুলি কোৱা হয়। জানিব পৰা মতে মহাৰাষ্ট্ৰত কভিডত আক্রান্ত হোৱা লোক সকলৰ ভিতৰত অধিক হৈছে ডাবল মিউটেণ্ট ভাইৰাছৰ চিকাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply