গুৱাহাটীঃ গুৱাহাটীৰ ডাউন টাউনত নিৰ্মীয়মান বহু প্ৰত্যাশিত উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। উৰণীয়া সেঁতুৰ দেৱালত ৰং তুলিকাৰে পাতিছে এতিয়া ৰঙৰ মেলা। সেঁতুখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ব্যস্ত হৈ পৰিছে নিলীম মহন্ত আৰু আন ২০জন লোক ৷ নিলীম মহন্তৰ নেতৃত্বত ২০জনীয়া দলটোৱে নিৰ্মীয়মান উৰণীয়া সেঁতুখনৰ দুই কাষে আঁকিছে ছবি। য’ত অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লগতে দেশৰ বিভিন্ন জনগোষ্ঠীসমূহকো কম বেছি পৰিমাণে প্ৰতিফলিত কৰিছে ৷

লখিমপুৰৰ নিলীম মহন্তৰ তত্বাৱধানত চাৰিখন দেৱালত কৰা অংকণৰ বিষয়ে জনালে শিল্পী মিচফাকুল ৰহমানে। তেওঁ কয়, ” ৰাজ্যৰ সকলো জনজাতিক আমি অংকন কৰিছোঁ ৷ দুই এক ক’ৰবাত ৰৈ গ’লেও কোনেও দোষ যেন নধৰে ৷ এখন দেৱালত ভাৰতৰ অধিকাংশ জনজাতিক আমি প্ৰাধান্য দিছো ৷ এখনত দিছো বন্য প্ৰাণীক আৰু এখনত সকলোবোৰ ঐতিহ্যস্থলীক ৷”

সন্ধিয়া ৫ বজাৰ পৰা তেওঁলোক ছবি অংকণত ব্যস্ত হৈ পৰে। সমগ্ৰ ৰাতি তেওঁলোকে অংকণ কৰে উৰণীয়া সেঁতুৰ দুই পাৰৰ ৱালত ছবি। অসমীয়া জাতি-জনগোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিক এই ছবিৰ জৰিয়তে তুলি ধৰা প্ৰয়াস কৰিছে নিলীম মহন্তৰ নেতৃত্বত ২০ জনীয়া দলটোৱে।

লগতে পঢ়কঃআজি পবিত্ৰ লক্ষ্মী পূৰ্ণিমা: ৰাজ্য়জুৰি ধনৰ অধিষ্ঠাত্ৰী দেৱীক পূজা-অৰ্চনা

দেৱালীৰ পূৰ্বেই জোৰদাৰ ভাবে চলিছে কাম। উৰণীয়া সেঁতুৰ কামৰ লগতে প্ৰায় ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছাইডৰ দেৱালত অংকন কৰা ছবিবোৰে মহানগৰীক দিব নতুন মাত্ৰা। লখিমপুৰৰ নিলীম মহন্তই  ২৫ অক্টোবৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ লক্ষ্য ঠিক কৰি লৈছে। লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত তথা উৰণীয়া সেঁতুখন নিৰ্মাণ কৰা অনিল দাসৰ পৰিকল্পনাত এনে পদক্ষেপ লোৱা হৈছে বুলি জানিবলৈ দিয়ে মহন্তই। ২০ অক্টোবৰ তেওঁলোকৰ বাবে অন্তিম দিন ৷ সেয়ে প্ৰত্যেকেই বতৰ- বিঘিনিকো নেওচি উদ্যত হৈ কৰি আছে কাম ৷

এইবাৰ দীপাৱলীত উক্ত উৰণীয়া সেঁতুখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানকভাৱে উন্মোচন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply