গুৱাহাটীঃ ৰাজ্যত এতিয়া তীব্ৰগতিত বৃদ্ধি পাইছে কৰোণাত আক্ৰান্তৰ সংখ্যা। ২৩৫ জন কোভিড আক্ৰান্ত লোকে সোমবাৰে GMCHৰ পৰা হোম আইচলেশ্যন লৈছে।
ৰাজ্যত এতিয়া ক’ভিডৰ ‘পিক’ আহিছে। এইটো পিকত দৈনিক ১০ হাজাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা বুলি মন্তব্য কৰিছে জি এম চি এইছৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।
তেওঁ কয় যে ২৫০ জন ৰোগী জি এম চি এইচত আৰু ২৫০ জন সৰুসজাইত চিকিৎসাধীন হৈ আছে।
১২০০ খন বেড জিএমচিএইচত ক’ভিড ৰোগীৰ বাবে খালী আছে। সৰুসজাই হস্পিতাল, কালাপাহাৰ হস্পিতাল, এম এমচিএইচতো ক’ভিড ৰোগীৰ বাবে বেড খালী আছে।
অন্যৰোগত আক্ৰান্ত হৈ বা দুৰ্ঘটনা হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱা লোকৰ বিপৰীতে ক’ভিডত মৃত্যু বেছি হৈছে। অন্যৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা বা দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হোৱা লোকৰ কোভিড পৰীক্ষা কৰাত যিসকলৰ দেহত ক’ভিডৰ উপস্থিতি পোৱা গৈছে তেওঁলোকৰ মৃত্যুকো ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ধৰা হৈছে।
বৰ্তমান ক’ভিডত ৯ জন শিশু জিএমচিএইচৰ শিশু ICU ত চিকিৎসাধীন হৈ আছে।
লগতে পঢ়কঃক’ভিডৰ সংহাৰ! ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ১১জন
লগতে অধীক্ষক ডাঃ অভিজিত শৰ্মাই কয় যে গুৱাহাটীৰ ৪০ শতাংশ মানুহে মাস্ক পিন্ধা নাই। একাংশই নাকৰ তলত মাস্ক পিন্ধিছে। সমাগম হোৱা স্থানত বেছিভাগ মানুহে সতৰ্কতা মানি চলা নাই। যাৰ ফলত গুৱাহাটী উত্তৰ-পূবৰ হাব হোৱাৰ বাবে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।
জ্বৰ নহ’লেও যদি পেটৰ বিষ, দুৰ্বলতাৰ লক্ষণ যদি দেখা পাই তেনেহ’লে চিকিৎসালয়লৈ আহিবলৈ আহ্বান কৰিছে ডাঃ অভিজিত শৰ্মাই । এতিয়া কভিড হ’লে জ্বৰ নহ’বও পাৰে। এমাহৰ বাবে শিশু সকল ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান কৰিছে অধীক্ষ গৰাকীয়ে।
অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত ডাঃঅভিজিত শৰ্মাই কয় যে তেওঁ বৰ্তমান সুস্থিৰ। বৰ্তমান হোম আইচলেশ্যনতে আছে অখিল গগৈ।