নিউজ ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত হয় ঊনবিংশতম ড০ অমিতাভ চৌধুৰী বাৰ্ষিক সোঁৱৰণী বক্তৃতা প্ৰদান অনুষ্ঠান। “The City and its Dwellers: Guwahati down the Ages” ক বিষয়বস্তু হিচাপে লৈ এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানটিত বক্তৃতা প্ৰদান কৰে বিশিষ্ট অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীয়ে। ড- অমিতাভ চৌধুৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অধ্যাপক গৰাকীয়ে ভাষণ প্ৰদান কৰে।
অধ্যাপক গৰাকীয়ে কয়- ইয়াত যুগ যুগ ধৰি বহু মহান লোকে বাস কৰি আহিছে। বহু কেইগৰাকী মহান কবি, নেতা, স্বাধীনতা সংগ্ৰামী, পণ্ডিত, বুদ্ধিজীৱী, ইতিহাসবিদ, সাহিত্য়িক, বিজ্ঞানী, শিক্ষক, চিকিৎসক, ক্ৰীড়াবিদ, সংগীতজ্ঞই ইয়াত বাস কৰি আহিছে।
অধ্যাপক গোস্বামীয়ে নিজৰ ভাষণত গুৱাহাটীৰ ইতিহাসৰ সৈতে সম্পৰ্ক থকা তিনিটা দিশ উল্লেখ কৰিছিল। সেয়া ক্ৰমে- প্ৰাগজ্যোতিষপুৰৰ পৌৰাণিক-কাব্যিক অতীত, সপ্তম শতিকাৰ পৰা সোতৰ শতিকালৈকে কামৰূপ আৰু সোতৰ শকিতাৰ পৰা বৰ্তমানলৈকে কামৰূপ।
উল্লেখ্য যে, ২০০৪চনৰ পৰা ড০ অমিতাভ চৌধুৰী সোঁৱৰণী ন্যাসৰ তত্বাৱধানত ড০ অমিতাভ চৌধুৰী বাৰ্ষিক সোঁৱৰণী বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।