গুৱাহাটী- আজি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা হোজাই জিলাৰ কংগ্ৰেছৰ সভাপতি ডঃ অৰ্ধেন্দু কুমাৰ দে’।

সাংসদ ভুৱেনেশ্বৰ কলিতাক লগত লৈ বিশাল সমদলেৰে অৰ্ধেন্দু কুমাৰ দে’ হোজাইৰ বিভূতি বিবাহ বিবাহ ভৱনত আনুষ্ঠানিকভাৱে গেৰুৱা দলত যোগদান কৰে।

এই অনুষ্ঠানত বিজেপি অসম প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডায়ো উপস্থিত থাকে।

অৰ্ধেন্দু কুমাৰ দে’ৰ লগতে বিজেপিত যোগদান কৰে প্ৰায় দুই শতাধিক কংগ্ৰেছী কৰ্মীয়ে।

আৰু পঢ়কঃ কেইবা শতাধিক সমৰ্থকক লৈ কমলা কলিতাৰ মনোনয়ন দাখিল

আনহাতে কাইলৈ নগাওঁ সদৰ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক দুৰ্লভ চমুৱাইয়ো বিজেপিত যোগদান কৰিব।

দুয়োগৰাকী কংগ্ৰেছ নেতাই দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱাৰ পিছত এইদৰে দল সলনি কৰাৰ সিদ্ধান্ত লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply