গুৱাহাটী : লােক সংস্কৃতিৰ সাধক অনিল শইকীয়ালৈ গুৱাহাটী ৰটাৰী ক্লাৱৰ ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা প্ৰদান। গুৱাহাটী ৰ’টাৰী ক্লাৱে শুকুৰবাৰে অনিল শইকীয়াক তেখেতৰ অসমীয়া
লােকসংস্কৃতিৰ আৰু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা প্ৰদান কৰে।
ডঃ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাৱত আয়ােজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অনিল শইকীয়াক এই বঁটা প্রদান কৰা হয়। অনিল শইকীয়া, অসমীয়া লােকসংস্কৃতি আৰু সাহিত্য সাধনাৰ ক্ষেত্ৰখনত এক উল্লেখযােগ্য তথা প্রতিষ্ঠিত নাম।
অনুষ্ঠানত তেখেতে এজন গৱেষকৰ দৃষ্টিভংগীৰে অসমীয়া সমাজত ডঃ ভূপেন হাজৰিকাৰ গীত আৰু প্ৰবন্ধৰ আর্থসামাজিক তথা সাংস্কৃতিক দিশ সম্পর্কে আলােকপাত কৰে। আজিৰ দিনত অসমীয়া জনজীৱনত ডঃ ভূপেন হাজৰিকা, তেওঁৰ সৃষ্টি আৰু চিন্তাৰ প্ৰাসংগিকতা সম্পর্কেও তেখেতে উল্লেখ কৰে।
ৰ’টাৰী ক্লাব অব্ গুৱাহাটীৰ তৰফৰ পৰা ৰ’টাৰীয়ান দেৱজিত গােস্বামী আৰু ডঃ শশাংক শেখৰ দত্তৰ পৃষ্ঠপােষকতাত জে বি এফ সমূহ সদস্য প্রত্যক্ষ সহযােগিতা সম্পন্ন হােৱা অনুষ্ঠানটিৰ সকলােৱে শলাগ লয়। ডঃ শশাংক শেখৰ দত্তই আঁত ধৰা অনুষ্ঠানটোত ৰটাৰী ক্লাব আৰু গুৱাহাটীৰ সভাপতি বিমলেন্দ্ৰ বৰুৱাদেৱে সভাপতিত্ব কৰে।
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক বিজয়ী খেলুৱৈক সম্বৰ্ধনা
উক্ত সভাখনত অনুষ্ঠানটিৰ অধ্যক্ষ দেৱজিত গােস্বামী, সম্পাদক অনুপম আইচকে আদি কৰি অন্যান্য ৰ’টাৰীয়ান তথা নিমন্ত্রিত অতিথি আৰু সংবাদমাধ্যমৰ লােকসকল উপস্থিত থাকে।