মহানগৰীৰ অন্যতম জনপ্ৰিয় আৰু আৰ্কষণীয় বেলতলা ব’হাগী উৎসৱ অহা ২১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । বেলতলা ব’হাগী উৎসৱ উৎযাপন সমিতিয়ে প্ৰতিবছৰে আগবঢ়াই অহা “ড° ভূপেন হাজৰিকা বঁটা” এইবাৰ আগবঢ়াব শিল্পী ময়ূখ হাজৰিকাক।
২০০৯ চনত ময়ুখৰ নিজৰ কথা, সুৰ আৰু কণ্ঠৰে প্ৰথমটো এলবাম ‘চকুৱে যদি কথা কয়’ মুক্তি লাভ কৰে।
ময়ুখ হাজৰিকা আৰু দ্য ব্ৰহ্মপুত্ৰ বেলাদিয়েৰছ নামৰ বেণ্ডটোৰ মুখ্য শিল্পী। প্ৰখ্যাত জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ পুত্ৰ তথা ভূপেন হাজৰিকাৰ ভতিজা ময়ূখ হাজৰিকা দেশৰ এগৰাকী প্ৰখ্যাত ভিডিঅ’ ডাইৰেক্টৰ।
ক’ভিড পৰিস্থিতিৰ বাবে যোৱাতো বৰ্ষত একো কাৰ্যসূচী নোলোৱাকৈ অনুষ্ঠান সামৰাৰ পিছত এইবাৰ বহুকেইটা কাৰ্যসূচী লৈ অনুষ্ঠানৰ আয়োজন কৰিছে।
তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’বলগীয়া এই ব’হাগী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত হাৰ্টথ্ৰৱ জুবিন গাৰ্গকে ধৰি অংগৰাগ পাপন মহন্ত, শংকুৰাজ কোঁৱৰ তথা ৰিচা ভৰদ্বাজ আদিয়ে ভাগ ল’ব।
বেলতলা ব’হাগী উৎসৱৰ ২০২২ বৰ্ষৰ ড° ভূপেন হাজৰিকা বঁটা ময়ূখ হাজৰিকালৈ
তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এইবাৰৰ বিহু সন্মিলন
