নিউজ ডেস্ক: প্ৰসিদ্ধ কণ্ঠশিল্পী ঊষা মংগেশকাৰলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ ভূপেন হাজৰিকা আন্তর্জাতিক সমন্বয় বঁটা। শনিবাৰে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শ‍ইকীয়াই আজি এই কথা ঘোষণা কৰে। অহা ২২ নৱেম্বৰত গুৱাহাটীৰ নেডফি হাউছ প্ৰেক্ষাগৃহত সাহিত্য সভাই এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। 

এই বঁটাৰ সৈতে আছে নগদ পাঁচ লাখ টকা, স্মাৰক, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। ২০১৩ চনৰ পৰা নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত প্ৰতি দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি অহা হৈছে।

উল্লেখযোগ্য যে ড° ভূপেন হাজৰিকা আন্তর্জাতিক সমন্বয় বঁটা-২০২২ৰ নিৰ্বাচনৰ বাবে অসম সাহিত্য সভাই এখন নির্বাচন সমিতি গঠন কৰি দিছিল। এই নির্বাচন সমিতিয়ে কেইবাগৰাকী স্বনামধন্য শিল্পীৰ নাম সামৰি বঁটাৰ তালিকা প্রস্তুত কৰিছিল। কিন্তু শেষ মুহূৰ্তত হিন্দী, মাৰাঠী, কানাড়া, নেপালী, ভোজপুৰী, গুজৰাটী আৰু অসমীয়া ভাষাৰ গীতত কণ্ঠদান কৰা প্রথিতযশা কণ্ঠশিল্পী ঊষা মংগেশকাৰক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। 

এইপর্যন্ত ভূপেন হাজৰিকা আন্তর্জাতিক সমন্বয় বঁটা লাভ কৰা ব্যক্তিসকল হৈছে— লুবনা মৰিয়ম (বাংলাদেশ-২০১৩), অদূৰ গোপালকৃষ্ণ (কেৰালা-২০১৫), প্রসন্ন ভিঠানাগে (শ্রীলংকা-২০১৭) আৰু এৰিক খু (ছিংগাপুৰ-২০১৯)।

লগতে পঢ়ক – তেজপুৰ বিশ্ববিদ্যালয়ত Social Work and Mass Communication বিভাগত নিযুক্তি সৃষ্টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply