গুৱাহাটীৰ পৰা ছৰফৰাজ খানঃ অৱশেষত সঁচা প্ৰমাণিত হ’ল অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই উত্থাপন কৰা অভিযোগ। অসমত একাংশ আৰক্ষীৰ দ্বাৰা চলাই থকা বিভিন্ন অত্যাচাৰৰ লগতে একাংশ সন্দেহযুক্ত অপৰাধীক গুলীয়াই হত্যা কৰা কাৰ্যক সম্পূৰ্ণ মানৱ অধিকাৰ উলংঘন বুলি উল্লেখ কৰি অহাৰ লগতে অধিকাংশ সংঘৰ্ষই ভুৱা বুলি অভিযোগ উত্থাপন কৰি আহিছিল।

হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ দিনৰে পৰা নীতিবৰ্হিভূত ভাৱে কৰা হত্যাৰ সংখ্যা বৃদ্ধি হৈছে। ন্যায় ব্যৱস্থাক ভেঙুচালি কৰি সন্দেহযুক্ত অপৰাধীক গুলীয়াই হত্যা কৰাটো সম্পূৰ্ণৰূপে মানৱ অধিকাৰ খৰ্ব কৰাকে বুজায়। আনহাতে সৰু সৰু কথাতে একাংশ আৰক্ষীয়ে সাধাৰণ লোকক নিগ্ৰহ চলাই আহিছে।

লগতে পঢ়কঃহিজাব পৰিধানৰ সমৰ্থনত গুৱাহাটীৰ এখন বিদ্যালয়

শেহতীয়াকৈ নগাঁৱৰ কীৰ্তি কমল বৰা নামৰ যুৱক জনক কোনো কাৰণ নোহোৱাকৈ অসম আৰক্ষীয়ে হত্যাৰ অভিপ্ৰায়ৰে গুলীয়াই গুৰুত্বৰ ভাবে আহত কৰে। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ তদন্তত স্পষ্ট হৈ পৰে যে নগাঁওৰ ঘটনাত আৰক্ষী সম্পূৰ্ণৰূপে জগৰীয়া আৰু সম্পূৰ্ণ ভুৱা encounter আছিল। বিনা কাৰণত উক্ত যুৱক জনক গুলীয়াই চিৰ জীৱনৰ বাবে ঘূণীয়া কৰা ৰহস্য ফাদিল হোৱাৰ পিছতে বনিয়া নামৰ এছ আই জনক নিলম্বন কৰাৰ লগতে গ্লেমাৰৰ দৌৰত থকা আৰক্ষী অধীক্ষক আনন্দ মিশ্রক তাৎক্ষণিক ভাৱে বদলি কৰিবলৈ চৰকাৰ বাধ্য হয়।

সেয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে তেওঁ উত্থাপন কৰি অহা অভিযোগ আজি সঁচা প্ৰমাণিত হল।

উল্লেখযোগ্য যে ডঃ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে অসমৰ ভুৱা encounter সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত অভিযোগ প্ৰদান কৰিছে। ডঃ শইকীয়াই উল্লেখ কৰে যে অসম চৰকাৰৰ গৃহ বিভাগে নিৰন্তৰ মানৱ অধিকাৰ উলংঘন কৰি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply