গুৱাহাটী : চৰকাৰৰ বিফলতাৰ বাবেই বৃদ্ধি পাইছে গণ প্ৰহাৰৰ ঘটনা। কঠোৰ আইন প্ৰণয়ন নোহোৱাৰ বাবাই বাৰম্বাৰ সংঘটিত হৈ আছে গণ প্ৰহাৰৰ নিচিনা ঘটনা। পূৰ্বে অসমীয়া মানুহৰ মাজত এই প্ৰৱণতা নাছিল যদিও শেহতীয়াকৈ বৃদ্ধি পাইছে এই প্ৰৱণতা। যোৰহাটৰ গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

সোমবাৰে যোৰহাটত ৫০ জনতকৈও অধিক লোকৰ গণ প্ৰহাৰত প্ৰাণ হেৰুৱেইছিল অনিমেষ ভূঞা নামৰ এজন যুৱকে। সাধাৰণ দুর্ঘটনাক কেন্দ্ৰ কৰি ৫০ জনতকৈও অধিক লোকে আক্ৰমণ চলাইছিল তিনিজনকৈ যুৱকৰ ওপৰত। এই গণ প্ৰহাৰৰ ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে দুজন যুৱক গুৰুত্বৰভাৱে আহত হৈছিল। ঝংকাৰ শইকীয়াৰ পৰা অনিমেষ ভূঞা গণ প্ৰহাৰৰ বলি হ’বলগীয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

যোৰহাটৰ গণ প্ৰহাৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় “পূৰ্বে অসমীয়া মানুহৰ মাজত এই প্ৰৱণতা নাছিল কিন্তু বিগত সময়ছোৱাত মানুহে কোনো ধৰণৰ চিন্তা নকৰাকৈ এজন লোকৰ ওপৰত আক্ৰমণ চলায়”। অন্ধবিশ্বাসৰ বিৰুদ্ধে যিদৰে আইন প্ৰণয়ন কৰা হৈ গণ প্ৰহাৰ সন্দৰ্ভতো তেনেধৰণ কঠোৰ আইনৰ দাবী জনায় মানৱ অধিকাৰ তথা সমাজ কর্মী গৰকীয়ে।

মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় “মই দাবী কৰা ধৰণে অন্ধবিশ্বাসৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছে যদিও গণ প্ৰহাৰৰ বিৰুদ্ধে চৰকাৰে ভেঙুচালি কৰাৰ বাবে বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো ধৰণৰ আইন প্ৰণয়ন হোৱা নাই”। ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে চৰকাৰৰ বিফলতাৰ বাবেই গণ প্ৰহাৰৰ বিৰুদ্ধে কোনো ধৰণ আইন প্ৰণয়ন আজি পৰ্যন্ত প্ৰণয়ন নহ’ল। আইন প্ৰণয়ন লগতে এই ক্ষেত্ৰত চৰকাৰে এক ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিব লাগে বুলিও কয় ডঃ দিব্যজ্যোতি শইকীয়াই।

লগতে পঢ়ক : অনিমেশ হত্যাকাণ্ডৰ মূল অভিযুক্তসহ ১৩জনক আটক

উল্লেখ্য যে মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই দীর্ঘদিন ধৰি গণ প্ৰহাৰ বিৰোধী আইন প্ৰণয়নৰ বাবে সংগ্রাম চলাই আছে। যোৰহাটৰ গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত ১৩ জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ মূল অভিযুক্ত ক’লা গুণ্ডাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইফালে অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্রেক আদালতত হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১৫ দিনৰ ভিতৰত আৰক্ষীক চার্জশ্বীট দিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply