গুৱাহাটী : ডাঃ নভনীল বৰুৱাক গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে। বিগত তিনিদিন ধৰি জেৰাৰ অন্তত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডাঃ নভনীল বৰুৱাক। জামিনযোগ্য ধাৰাত গ্ৰেপ্তাৰ কৰা হয় জি এন আৰ চি হাস্পতালৰ চিকিৎসক গৰাকীক।

তিনিদিন ধৰি দিছপুৰ থানাত মাৰাথন জেৰাৰ চলাই অৱশেষত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জি এন আৰ চি হাস্পতালৰ কৰ্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱাক। খন্তেক সময় পূৰ্বে ডাঃ নভনীল বৰুৱাক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে।

লগতে পঢ়ক : অসম-মেঘালয় সীমান্তত কৃষকৰ ঘৰত ডকাইতিকাণ্ড

দিছপুৰ আৰক্ষীয়ে জামিনযোগ্য ধাৰাত গ্ৰেপ্তাৰ কৰে নভনীল বৰুৱাক। ব্যক্তিগত জিম্মাত থানাৰ পৰাই জামিনৰ সম্ভাবনা। ডাঃ নভনীল বৰুৱাই ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত ৯ জন লোকক মহতিয়াই নিয়া ৰাজকন্যা বৰুৱাক ছেমি আই চি ইউত ভৰ্তি কৰিছিল।আত্মহত্যা ভাবুকি দিয়াৰ বাবে তেওঁ এই পদক্ষেপ লৈছিল বুলি স্বীকাৰ কৰিছিল আৰক্ষীক।

চিকিৎসক নভনীল বৰুৱাক ২০১,২১২ আৰু ১২০(বি) ধাৰাত গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে জিএমচিএইছ লৈ লৈ যোৱা হৈছে ।
আনহাতে ঘটনাৰ দিনা যিটো পাৰ্টি ভিভান্টাত ঠিকাদাৰ পংকজ সাধনিধাৰে কন্যাৰ জন্মদিন উদযাপন কৰাৰ নামত আয়োজন কৰিছিল তাৰ ওপৰতো তদন্ত আৰম্ভ হৈছে । উক্ত পাৰ্টিত বহু কেইগৰাকী প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়াও উপস্থিত আছিল । ভিভান্টা কৰ্তৃপক্ষক সকলো তথ্য জমা দিবলৈ কোৱা হৈছে তদন্তকাৰী আৰক্ষীৰ ফালৰ পৰা ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply