গুৱাহাটী : চিকিৎসক ডাঃ নভনীল বৰুৱা দিছপুৰ থানাত হাজিৰ। দিছপুৰ ৰক্ষায়ে চিকিৎসক ডাঃ নভনীল বৰুৱালৈ চমন জাৰি কৰিছিল। থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল চিকিৎসক ডাঃ নভনীল বৰুৱাক। ৰাজকন্যা বৰুৱাক আই চি ইউত ৰখাৰ অভিযোগত চিকিৎসক ডাঃ নভনীল বৰুৱালৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল।

ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত জিএনআৰচি হাস্পতালৰ কৰ্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱালৈ দিছপুৰ আৰক্ষীয়ে চমন জাৰি কৰি থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। আৰক্ষীৰ নিৰ্দেশ অনুসৰি দিছপুৰ থানাত হাজিৰ হয় চিকিৎসক গৰাকী। বৰ্তমান আৰক্ষীয়ে চিকিৎসক ডাঃ নভনীল বৰুৱা সোধা-পোছা চলাই আছে।

ইফালে চিকিৎসক গৰাকীয়ে সাংবাদিকৰ আগত কয় যে তেওঁ কোনো ভুল কৰা নাই। চিকিৎসক গৰাকীয়ে ৰাজকন্যা বৰুৱাক আই চি ইউত ৰখাৰ অভিযোগ নস্যাত কৰে। ৰাজকন্যা বৰুৱাৰ লগত চিকিৎসক গৰাকীৰ পূৰ্বৰ কোনো চিনাকি নাছিল বুলিও কয় চিকিৎসক ডাঃ নভনীল বৰুৱাই।

লগতে পঢ়ক : উপ নিৰ্বাচন : কৃষ্ণ গগৈ আৰু ধৈৰ্য্য কোঁৱৰৰ মনোনয়ন দাখিল থাওৰা সমষ্টিত

উল্লেখ্য ৯ জন শ্ৰমিকক মহতিয়াই নিয়াৰ পিছত ৰাজকন্যা বৰুৱাই জামিন লাভ কৰি অসুস্থতা দেখুৱাই জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল। মেডিকেল বৰ্ডৰ প্ৰতিবেদনত ৰাজকন্যা বৰুৱা অসুস্থ নহয় বুলি ধৰা পৰিছিল। ইয়াৰ পিছতে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজকন্যা বৰুৱাক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply