নিউজ ডেস্ক : ৰাজ্যপাল জগদীশ মুখীয়ে শুকুৰবাৰে ৰাজ ভৱনত দেশৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিমূৰ্তী উন্মোচন কৰে। মূৰ্তী উন্মোচন কৰি ৰাজ্যপাল গৰাকীয়ে ৰাজেন্দ্ৰ প্ৰসাদে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু সংবিধান প্ৰণয়নত আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে।
তেওঁ কয়, ”এই মহান দেশৰ প্ৰতি গৰাকী নাগৰিকৰ বাবে প্ৰসাদ অনুপ্ৰেৰণাৰ উৎস। ৰাষ্ট্ৰৰ নিৰ্মাণত তেওঁৰ বিশিষ্ট অৱদান, ন্যায়িক বিচক্ষণতা আৰু গণতন্ত্ৰৰ প্ৰতি থকা তেওঁৰ মহান আদৰ্শই প্ৰতি গৰাকী দেশবাসীক সদায় অনুপ্ৰেৰণা যোগাই যাব।”
উক্ত উন্মোচনী অনুষ্ঠানত পত্নীসহ ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উপস্থিত থাকে। মুখ্য মন্ত্ৰীয়ে ড০ ৰাজেন্দ্ৰ প্ৰসাদক আধুনিক ভাৰতৰ শ্ৰেষ্ঠ নিৰ্মাতাসকলৰ অন্যতম বুলি অভিহিত কৰে।
কালিৰ অনুষ্ঠানত ৰাজেন্দ্ৰ প্ৰসাদৰ নাতিনী ড০ টাৰা সিংহই অংশগ্ৰহণ কৰি কয় যে এক বিশাল ব্যক্তিত্বৰ অধিকাৰী তেওঁৰ ককাক নিজৰ মাজতে এক অনুষ্ঠান আছিল।
”দেশৰ এগৰাকী আপোচহীন সেৱক হিচাপে তেওঁ নিজৰ জীৱনটোক দেশমাতৃৰ সেৱাৰ বাবে উৎসৰ্গিত কৰিলে। তেওঁ এগৰাকী পণ্ডিত আছিল আৰু তেওঁৰ কিতাপসমূহে তেওঁৰ পাণ্ডিত্যৰ স্বাক্ষৰ ৰাখি থৈ গৈছে,” তেওঁ কয়।
লগতে পঢ়ক : অনিমেষ ভূঞা হত্যাকাণ্ডৰ লগত জড়িত আৰু এজন অভিযুক্ত গ্ৰেপ্তাৰ