নিউজ ডেস্কঃ বিশিষ্ট শিক্ষাবিদ ড° উমাকান্ত শৰ্মাৰ দেহাৱসান। কালি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে । যোৱা ডেৰমাহৰ আগতে ঘৰতে হোৱা দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। আইচিইউত চিকিৎসাধীন হৈ থকা কালতে তেখেতৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে । যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে।
নগাঁও চহৰৰ সমীপৱৰ্তী মাজপাঠৰি গাঁৱৰ সুসন্তান শিক্ষাবিদ ড° উমাকান্ত শৰ্মাই পঞ্চাছৰ দশকতে আই আই টি খড়গপুৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক , অৰুণাচল প্ৰদেশৰ নেৰিষ্টৰ সঞ্চালক পদতো কাৰ্যনিৰ্বাহ কৰিছিল ।
ইয়াৰ উপৰিও আফ্ৰিকা মহাদেশৰ বহু কেইখন শিক্ষানুষ্ঠানত অতিথি শিক্ষক হিচাবে শিক্ষকতা কৰিছিল । গুৱাহাটীৰ পাঞ্জাবাৰী জুৰিপাৰতে নিগাজীকৈ থাকিবলৈ লোৱা বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে সদায়েই উঠি অহাপ্ৰজন্মক শিকোৱাৰ বাবে আশীউদ্ধোৰ বয়সতো মৃত্যুৰ আগমূহুতলৈকে ৯ মাইলত থকা ৰিষ্ট আৰু ইউ এছ টি এম নামৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান খনৰ সৈতে জড়িত আছিল । পিতৃ মাতৃৰ সোঁৱৰণত গঢ় দিয়া ‘ধৰ্ম মহেশ্বৰী দাতব্য ন্যাসৰ দ্বাৰা জন্মস্থান মাজপাঠৰি অঞ্চলৰ কৃৰ্তি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিবৰ বাবে বহু কেইটা প্ৰশংসনীয় পদক্ষেপ লৈছিল ।
তেখেতৰ অন্তোষ্টিক্ৰিয়া সম্পূৰ্ণ ক’ভিড প্ৰটক’লৰ মাজেৰে উলুবাৰীৰ শ্মশানত সম্পন্ন কৰা হয় । ড° শৰ্মাই মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ আৰু দুগৰাকী কন্যাসহ অসংখ্য গুণমুগ্ধক এৰি থৈ গৈছে ।