টীয়ক: অসম নাট্য সন্মিলনৰ সৌমাৰ পীঠ মণ্ডলৰ ৬০ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট সমাৰোহ যোৰহাট জিলাৰ ঐতিহাসিক হোলোঙাপাৰৰ বীৰ লাচিত বৰফুকনৰ মৈদাম প্ৰাংগনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।
অসম নাট্য সন্মিলনৰ যোৰহাট শাখাৰ উদ্যোগত আৰু সামাজিক অনুষ্ঠান আধাৰৰ সহযোগত আয়োজিত এই সমাৰোহৰ প্ৰথম দিনা পতাকা উত্তোলন কৰে সৌমাৰ পীঠ মণ্ডলৰ সভাপতি টুটু বৰুৱাই । স্মৃতি তৰ্পন কৰে তৰুণ চন্দ্ৰ গোস্বামীয়ে । নাট সমাৰোহৰ উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱগোস্বামীয়ে ।
এই উপলক্ষত প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ ৰংগ মঞ্চ উন্মোচন কৰে টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ কৰবী গগৈ হাজৰিকাই । উল্লেখযোগ্য যে তিনিচুকীয়া,ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ,যোৰহাট, মাজুলী আৰু গোলাঘাট জিলাক সামৰি গঠন হোৱা সৌমাৰ পীঠ মণ্ডলৰ নাট সমাৰোহত মুঠ ১২ টা শাখাই যোগদান কৰিছে । প্ৰথম দিনা ৬ খন নাটক মঞ্চায়ন হোৱাৰ বিপৰীতে দ্বিতীয় দিনা মঞ্চায়ন হল ৬ খন নাটক ।
লগতে পঢ়ক- লখিমপুৰ জিলাৰ ঘূণাসুঁতিত গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি