সোণাৰি : চৰাইদেউ জিলাৰ সোণাৰিত আজি প্ৰায় এক বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত অধিক আগবঢ়াই নিয়াৰ লক্ষ্যৰে কিছুমান কাৰ্য কৰি যোৱা হৈছে। তাৰ ভিতৰত অন্যতম হৈছে প্ৰশাসনিক সেৱাৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ। সোণাৰিৰে স্থ্যনীয় লোকসকলৰ প্ৰচেষ্টাত আৰু জিলা প্ৰশাসনৰ সহযোগত গড় লৈ উঠিল বিভিন্ন ধৰণৰ চৰকাৰি চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ তথা লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ আগবহোৱা প্ৰতিষ্ঠান “DREAM ZONE IAS”।
উল্লেখযোগ্য যে, বহুকেইজন IAS,IPS, ACS, APS বিষয়াই ছাত্ৰ – ছাত্ৰীৰ লগত মত বিনিময় কৰিছে আৰু তেওঁলোকৰ কৰ্ম জীৱনৰ অভিজ্ঞতা ব্যক্ত কৰিছে আৰু প্ৰতিষ্ঠান খন আগবঢ়াই নিয়াত সহায় – সহযোগিতা কৰিছে।
লগতে পঢ়ক ৰাষ্ট্ৰীয় এথলেটিকছত অম্লান বৰগোঁহাইৰ অভিলেখ
উল্লেখযোগ্য যে, প্ৰথম বৰ্ষত পাঠদান আগবহুৱা তিনিজন ব্যক্তি ক্ৰমে অংকুৰ জ্যোতি বৰা ( APS C -২০১৮), চামিন্দা খাউণ্ড (APSC ২০১৮) আৰু অংকিত কুমাৰ ( BPSC ) লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্ত্তী Batch ৰ বাবে নামভৰ্ত্তি চলাই থকা হৈছে।গতিকে ইচ্ছুক ছাত্ৰ – ছাত্ৰীৰ অতি শীঘ্ৰে Dream Zone IAS ৰ কাৰ্যালয় তথা Elite Academy ত নাম ভৰ্ত্তি কৰিবলৈ জনোৱা হল। কৰ্তৃপক্ষই জনাইছে যে দৰিদ্ৰ ছাত্ৰ – ছাত্ৰীৰ বাবে বিশেষ সুবিধা ৰখা হৈছে। এই প্ৰতিষ্ঠান খনে অনাগত দিনত অধিক সংখ্যক ছাত্ৰ – ছাত্ৰীৰ সপোনবোৰ দিঠকলৈ ৰূপান্তৰ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। প্ৰতিষ্ঠান কৰ্তৃপক্ষৰ যোগাযোগৰ নম্বৰ 8638674750,7002611946.