জনীয়া : জনীয়া সমষ্টিৰ চনপুৰা গাঁৱত এটুপাল বিশুদ্ধ খোৱীপানীৰ বাবে ৰাইজৰ মাজত হাহাকাৰ। বেকী নদীৰ লেতেৰা পানী সেৱন কৰি প্ৰাণ ৰক্ষা একাংশ ৰাইজৰ। নাই দমকল, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা। চৰকাৰৰ ওপৰত ক্ষোভিত গাঁওবাসী।
বৰপেটা জনীয়া সমষ্টিৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চনপুৰা গাঁৱৰ ৰাইজে এটুপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিব লগীয়া হৈছে। বেকী নদীৰ লেতেৰা আৰু ঘোলাপানী কাপোৰেৰে ছেকি সেৱন কৰি প্ৰাণ ৰক্ষা কৰিছে গাঁওবাসীয়ে।গাঁওখনৰ দৰিদ্ৰ লোক সকলৰ দমকল নথকাৰ ফলত দৈনিক জাকে জাকে মহিলা সকলে নদীৰ ঘোলাপানী কাপোৰেৰে ছেকি সংগ্ৰহ কৰে।
নদীৰ দূষিত পানীৰেই ৰন্ধাবঢ়া, খোৱা-লোৱা, গা-ধোৱাৰ লগতে যাৱতীয় কাম কাজত ব্যৱহাৰ কৰিব লগীয়া হয় গাঁওবাসীয়ে। উল্লেখযোগ্য যে, নদীৰ ঘোলাপানী সেৱন কৰাৰ ফলত গাঁওখনৰ বহু লোকৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ-আজাৰে দেখা দিছে।
আনহাতে নিৰ্বাচনৰ সময়তে এই সকল লোক মনত পৰে ৰাজনৈতিক দলৰ নেতা সকলৰ কিন্তু নিৰ্বাচনৰ পিছত গাঁওবাসীৰ খবৰ নলয় কোনো এজন নেতাই। বিধায়কৰ চকুত নপৰে এই ভূক্তভোগী ৰাইজৰ দুৰ্দশাৰ বাস্তৱ ছবি। নদীৰ গৰাখহনীয়াই জুৰুলা কৰি পেলোৱা এই সকল ৰাইজে এটুপাল বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাৰ দাবী জনাই ক্ষোভিত হৈ পৰিছে ৰাজনৈতিক নেতা সকলৰ ওপৰত।