মুকালমুৱা : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ উদ্বোধন। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে উদ্বোধন কৰে এই আঁচনিৰ।
সমগ্ৰ ৰাজ্যতে ৯০ হাজাৰ পৰিয়ালক আজি পৰা এই আঁচনিৰ অধীনত সামৰি বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব।

নলবাৰী জিলাৰ বেলশৰ সংমণ্ডলৰ অধীনৰ নাৰুৱা পানী যোগান আঁচনিৰ জৰিয়তে আজিৰ পৰা ২৮৮ টাকৈ পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত বিধায়ক দিগন্ত বৰ্মনে কয় যে এই আঁচনিখন সফল কৰিবলৈ হ’লে প্ৰতিটো পৰিয়ালে এই আঁচনিখন গুৰুত্ব সহকাৰে ল’ব লাগিব।

লগতে পঢ়ক : চৰাইদেউ জিলাত জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী আঁচনি উদ্ধোধন

বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক গৰাকীয়ে লগতে কয় যে বিশুদ্ধ খোৱা পানী যোগানৰ এই আঁচনিখনৰ জৰিয়তে ৰাইজে সন্মুখীন হৈ থকা খোৱা পানীৰ সমস্যা সমাধান হ’ব। বিভাগীয় লোকসকলকো এই আচঁনিখনৰ ওপৰত চকু দিয়াৰ বাবে আহ্বান জনায় বিধায়ক গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply